'চাহ জনগোষ্ঠীক ব্ৰিটিছ নীতিৰে প্ৰতাৰণা কৰিছে বিজেপি চৰকাৰে'

tea

খিলঞ্জীয়া চাহ জনগোষ্ঠীৰ স্থায়ী সমস্যাসমূহ সমাধান নকৰি বিজেপি চৰকাৰে ব্ৰিটিছ নীতিৰে  প্ৰতাৰণা কৰা কাৰ্যৰ উচিত প্ৰত্যুত্তৰ নিৰ্বাচনত ইভিএমত দিবলৈ সাজু হৈছে চাহ মজদুৰ সংঘ।জনগোষ্ঠীটোক ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰা বিজেপি চৰকাৰক প্ৰতিহত কৰিবলৈ ৰাইজক আহ্বান জনাইছে চাহ মজদুৰ সংঘৰ নগাঁও জিলা সমিতিয়ে।

চাহ জনগোষ্ঠীৰ জনজাতিকৰণ,পাৰিশ্ৰমিক বৃদ্ধিকে ধৰি স্থায়ী সমস্যাৰ সমাধানৰ পৰিৱৰ্তে মোবাইল বিতৰণ কৰি বৃটিছ নীতি লোৱা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে চাহ মজদুৰ সংঘৰ নগাঁও জিলাৰ সভাপতি বাবলু গোসাঁইয়ে।নেতাজনে কয় যে বিজেপি চৰকাৰে চাহ জনগোষ্ঠীয় লোকক ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে হিন্দু বাংলাদেশীৰ বোজা জাপি দিব ওলাইছে।

গতিকে, আগন্তক লোকসভা নিৰ্বাচনত বিজেপি দলক প্ৰতিহত কৰি খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰা প্ৰাৰ্থীক ভোট দিবলৈ আদিবাসী লোকসকলৰ লগতে অসমবাসীলৈ  আহ্বান জনায়।লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজকে চাহৱালা, চকীদাৰ বুলি কৈ অভিনয় কৰিছে আৰু প্ৰকৃত চকীদাৰসকলক একপ্ৰকাৰ অপমান কৰিছে। 

tea
ইফালে,পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা চাহ জনগোষ্ঠীৰ মাজত থকা আঁচনিসমূহকে পুনৰাই ঘোষণা কৰাটোক  ৰাজনৈতিক টোপ দিয়া বুলি তেওঁ আখ্যা দিয়ে।

Your Comments