আজি  তিৱাসকলে পালন কৰিছে ব'হাগ বিহু

tiwa

আজি মধ্য অসমৰ তিৱা জনগোষ্ঠীৰ লোকসকলৰ ব'হাগ বিহু।পৰম্পৰাগতভাৱে মধ্য অসমৰ তিৱা জনগোষ্ঠীৰ লোকসকলে ব'হাগ মাহৰ প্ৰথমটো মঙলবাৰ উৰুকা আৰু প্ৰথমটো বুধবাৰ গৰু বিহু হিচাপে পালন কৰে। 

নগাঁৱৰ কঠিয়াতলী নামবৰ লালুংগাঁও আৰু উপবৰ লালুংগাঁৱতো পালন কৰা হয় গৰু বিহু ৷পুৱাই প্ৰতিঘৰ গৃহস্থৰ পদূলিত জাক দি পূজা- অৰ্চনা কৰি মাহ- হালধিৰে গৰুক নুৱাই-ধুৱাই শ্ৰীবৃদ্ধি কামনা কৰে। 

tiwa9
কৃষিভিত্তিক হিচাপে পালন কৰা ব'হাগ বিহুত গৰুক পূজা-অৰ্চনা কৰি খেতিৰ শস্য নদন-বদন হোৱাৰ আশা কৰে। পূজা পাতি  কুকুৰাৰ বলি দি নিজৰ জীৱ-জন্তুসমূহৰ কুশল-মঙ্গল কামনা কৰে তিৱা জনগোষ্ঠীৰ লোকসকলে ৷

Your Comments