পহিলা ব'হাগত হাজো সাংবাদিক সন্থাই দিলে সাম্প্ৰদায়িক সৌহাৰ্দ্যৰ বাৰ্তা

photo


 হাজোৰ পৰা কমলাকান্ত দাস 

জ্যেষ্ঠজনক সেৱা জনোৱা আৰু কনিষ্ঠজনলৈ মৰম প্ৰদৰ্শন  ৰঙালী বিহুৰ পৰম্পৰা। হাজো সাংবাদিক সন্থাৰ সদস্যসকলে  হাজোৰ ঐতিহ্যমণ্ডিত হয়গ্ৰীৱ মাধৱ মন্দিৰৰ 'দলৈ' আৰু ইছলামধৰ্মীসকলৰ পৱিত্ৰ তীৰ্থস্থান পোৱামক্কা দৰগাহ শ্বৰীফৰ 'খাদিম'ৰ ওচৰলৈ গৈ এই পৰম্পৰা ৰক্ষাৰে সেৱা জনালে। সাংবাদিক সন্থাৰ সদস্যসকলে দলৈ আৰু খাদিমৰ চৰণ চুই সেৱা জনোৱাৰ লগতে গামোচা, ফুলাম জাপিৰে যাছে সন্মান।


যি সময়ত ৰাজ্যত অসহিষ্ণু পৰিৱেশ আৰু সাম্প্ৰদায়িকতাৰ বাতাৱৰণৰ সৃষ্টি হৈছে,তেনে সময়তে হিন্দু- মুছলিমৰ সকলোকে একতাৰ এনাজৰীৰে বান্ধ খুৱাবলৈ সন্থাটোৰ সদস্যসকলে কৰা প্ৰয়াস প্ৰশংসনীয় বিবেচিত হৈছে। অনুষ্ঠানটোত নেতৃত্ব বহন কৰে হাজো সাংবাদিক সন্থাৰ সভাপতি গোৱিন্দ দাস আৰু সম্পাদক আব্দুল গণি খান চৌধুৰীয়ে।

Your Comments