ঐক্যৰ চানেকিৰে বিহু মাৰিছে কয়াকুছিৰ সংখ্যালঘু সম্প্ৰদায়ৰ যুৱ-প্ৰজন্মই

kyakuchi

 

চেঙাৰ পৰা সুৰজিৎ পাঠকঃ15এপ্ৰিলঃ উদুলি মুদুলি হৈ পৰিছে বৰপেটা জিলাৰ  কয়াকুছি। কয়াকুছি বিহু সন্মিলনৰ উদ্যোগত আজিৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে কয়াকুছি বিহু সন্মিলন।ব'হাগৰ পহিলা দিনটোত এনেদৰে এক ওখল মাখল পৰিবেশৰ সৃষ্টি হৈছে কয়াকুছিৰ বিহুতলীত।kayakuchi2 নাচনী-ঢুলীয়াক পাঁচদিন বিহুৰ  প্ৰশিক্ষণ দি মুকলি বিহু, জেং বিহু, হুঁচৰি আদিৰ বাবে  সম্পূৰ্ণ সাজু কৰি তোলা হৈছে বুলি জানিবলৈ দিয়ে কয়াকুছি বিহু সন্মিলনৰ সভাপতি তথা বিশিষ্ট কবি-সাহিত্যিক ইছমাইল হোছেইনে। সংখ্যালঘু অধ্যুষিত কয়াকুছি অঞ্চলৰ ল'ৰা-ছোৱালীক বিহুৰ প্ৰশিক্ষণ দি ভাল লগা বুলি উল্লেখ কৰে প্ৰশিক্ষিকা বৰ্ষাৰাণী ডেকাই। 2 ব'হাগত বিহু সম্পৰ্কীয় সাংস্কৃতিক  শোভাযাত্ৰা উদ্বোধন কৰিব ৰাষ্ট্ৰীয়  খ্যাতিসম্পন্ন চলচিত্ৰ পৰিচালিকা মঞ্জু বৰাই।

Your Comments