বৃদ্ধাশ্ৰমৰ ককা- আইতাৰ সৈতে এপাক বিহু নাচি ৰাঙলুত 'মানুহ বিহু' পালন

rangalu

কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা

আজি 'মানুহ বিহু'। বাপতিসাহোন ৰঙালী বিহুৰ পহিলা বহাগৰ দিনটো 'সাত বিহু'ৰ মানুহ বিহু হিচাপে পালন কৰে অসমীয়াই ৷বছৰটো সুকলমে যোৱাৰ বাবে জ্যেষ্ঠজনৰ আৰ্শীবাদ লয় কনিষ্ঠজনে ।
মানুহ বিহুৰ পুৱাতেই  নগাঁৱৰ ৰাঙলুস্থিত গ্ৰাম বিকাশ পৰিষদৰ বৃদ্ধাশ্ৰমত ব্যতিক্ৰমীভাৱে উদযাপন হ'ল মানুহ বিহু ৷ নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ কৰ্মকৰ্তাসকলে বৃদ্ধাশ্ৰমৰ প্ৰতিগৰাকী ককা-আইতাক একোখনকৈ নতুন বস্ত্ৰ আৰু ফুলাম বিহুৱানৰে আদৰণি জনায়।লগতে তেওঁলোকক সেৱা জনাই আৰ্শীবাদ লয়। কৰ্মকৰ্তাসকলে ককা-আইতাসকলৰ লগত এপাক বিহু নাচি পালন কৰিলে মানুহ বিহু ৷rangalu


পৰিয়ালৰ আত্মীয়ৰ অৱহেলাৰ বাবে ঘৰ এৰি বৃদ্ধাশ্ৰমত থকা এইসকল জ্যেষ্ঠ নাগৰিকৰ মাজত এনেদৰে বিহু উদযাপন কৰি তেওঁলোকৰ মুখত অকণমান হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিলে নগাঁও
 জিলা আইন সেৱা প্ৰাধিকাৰীৰ কৰ্মকৰ্তাসকলে।rangalu5

এইসকল ককা-আইতাই বিহুৰ দিনটোত যাতে অকলশৰীয়া অনুভৱ নকৰে,তাৰ বাবে নগাঁও জিলা আইন প্ৰাধিকাৰীয়ে এনে পদক্ষেপ গ্রহণ কৰে বুলি জনাইছে।আইন সেৱা প্ৰাধিকাৰীৰ কৰ্মকৰ্তাসকলৰ এই পদক্ষেপ প্ৰশংসনীয় বিবেচিত হৈছে।

Your Comments