নৰ্থ বইটামাৰীত কোচ-ৰাজবংশী সম্প্ৰদায়ৰ বিষুৱা উৎসৱ উদযাপন

baitamar

বইটামাৰী, ১৪ এপ্ৰিল :: বৃহত্তৰ বইটামাৰী কোঁচ- ৰাজবংশী ছাত্ৰ সন্থা , মহিলা সমিতি , কোঁচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্প আৰু বইটামাৰী কোঁচ ৰাজবংশী কালচাৰেল চোছাইটিৰ উদ্যোগত আজি নৰ্থ বইটামাৰীত উদযাপিত হৈছে বিষুৱা উৎসৱ । পুৱাই স্থানীয় লোকসকলে নিজৰ নিজৰ গৰু-গাই টুনীয়া নৈত গা ধুৱাবলৈ লৈ আহে আৰু লাও বেঙেনাৰ মালা পিন্ধাই গা ধুৱায় ।

baitamai পৰম্পৰাগত প্ৰথা অটুট ৰাখি নদীত বাহো মাৰে ( মাছ মাৰে ) । নৈৰ পাৰতে উপস্থিত ৰাইজে সমূহীয়াকৈ বিষুৱাৰ জলপানো গ্ৰহন কৰে । কণ কণ শিশু হতৰ বাবে নদীৰ পাৰতে  কলগছত উঠা খেলো অনুষ্ঠিত হয় । উক্ত স্থানতে কোঁচ-ৰাজবংশী নৃত্য- গীতো পৰিৱেশন কৰে মহিলাসকলে । উল্লেখ্য যে , দুদিনীয়াকৈ বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে বিষুৱা উদযাপন কৰিব  উদ্যোক্তা সকলে । নৰ্থ বইটামাৰী হাইস্কুল খেলপথাৰত আজি বিষুৱাৰ নিশান উঠোৱাৰ পিছত স্মৃতি তৰ্পন , চিলাৰায়ৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পন কাৰ্যসূচী অনুষ্ঠিত হ'ব । তাৰ পিছত কোঁচ-ৰাজবংশী জাতীয় কলা-কৃষ্টি প্ৰদৰ্শন কৰিব ।

baita4 প্ৰতিযোগিতা মূলক খেল-ধেমালিও অনুষ্ঠিত হ'ব । বিয়লি কোঁচ- ৰাজবংশী আধুনিক নৃত্য-গীতৰ প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব । তাৰ পিছত জাতীয় উৎসৱ বিষুৱাৰ তাৎপৰ্য সম্পৰ্কে আলোচনা চক্ৰ অনুষ্ঠিত হ'ব । সন্ধিয়া কোঁচ- ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ দ্বাৰা প্ৰকাশিত আলোচনী  'কৰতোৱা ' উন্মোচন হ'ব ।

baita5 তাৰ পিছতেই আৰম্ভ হব সাংস্কৃতিক অনুষ্ঠানৰ।ইফালে বিষুৱা উৎসৱ উদযাপন কাৰ্যসূচীত কাইলৈ পুৱা ভেশচন প্ৰতিযোগিতাৰ কাৰ্যসূচীৰে অনুষ্ঠানটো আৰম্ভ কৰি তাৰ পিছত অনুষ্ঠিত হব সাংস্কৃতিক শোভাযাত্ৰা । ইয়াৰ পিছত একাদিক্ৰমে সাহিত্য চৰা , জ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা দিয়া  হ'ব । বিয়লি মুকলি সভা অনুষ্ঠিত হ'ব । সন্ধিয়া বিশেষ সাংস্কৃতিক সন্ধিয়াৰে বিষুৱাৰ সামৰণি পৰিব

Your Comments