নগাঁৱৰ  গ্ৰামাঞ্চলত   নিৰ্বাচনৰ  বতৰতো  ঢেঁকীৰ  মাত--মাকোৰ  খিটখিটনি

khikhitni

নগাঁৱৰ  পৰা  ঋতু  পৰ্ণ  শৰ্মা  ,১৩ এপ্ৰিল

অসমীয়াৰ  জনজীৱনত  স্বকীয়  বৈশিষ্ট্যৰে  জিলিকি  উঠা  বাপতিসাহোন  ব'হাগ বিহুৰ  কাইলৈ  উৰুকা  । লোকসভা নিৰ্বাচনত ধামখুমীয়াৰ  মাজতে   অসমীয়াৰ  প্ৰাণৰো প্ৰাণৰ এই  ৰঙালী  বিহুটি  প্ৰতিজন  অসমীয়াই  আড়ম্বৰপূৰ্ণভাৱে  আয়োজনৰ  লৈছে  পণ । অসমৰ গ্ৰামাঞ্চলৰ  মহিলা সকলে  বিভিন্ন  ধৰণৰ  খাদ্য  সম্ভাৰ  তৈয়াৰৰ  বাবে  ঢেঁকীত  পিঠাগুৰি  খুন্দি  এক  আনন্দময়  পৰিবেশৰ   সূচনা  কৰিছে । ৰৈ  থকা  নাই  নগাঁৱৰ  শিপিনীসকল । জ্যেষ্ঠজনৰ  লগতে  প্ৰিয়জনক  এখন "বিহুৱান"  উপহাৰ দি  আৰ্শীবাদ  বিচৰাৰ  বাবে  শিপিনীসকলে  দিনে--নিশাই  তাঁতশালত  তৈয়াৰ  কৰিছে  মৰমৰ  "বিহুৱান"।rup

 তাঁতশালৰ  মাকোৰ  খিটখিটনি  আৰু ঢেঁকীৰ   গুমগুমনিয়ে  নগাঁৱৰ গ্ৰামাঞ্চললৈ  আনিছে  ৰঙালী বিহুৰ মাদকতা । লোকসভা  নিৰ্বাচনৰ  হাইভল্টেজ  প্ৰচাৰেও  চলিত  বৰ্ষত  ম্লান  কৰিব  পৰা  নাই  বিহুৰ  স্বকীয়তা । বসন্তৰ  আগজাননী  দিয়া  কুলি-- কেতেকীৰ  শুৱলা  মাতে  প্ৰতিজন  অসমীয়াকে  লৈ  যায়  ব'হাগ  বিহুৰ আনন্দময়  দিশসমূহলৈ । যাউতিযুগীয়া  অসমীয়া  সংস্কৃতিৰ  প্ৰতিটো  উপাদানৰে  সমৃদ্ধ  বিহুটিক  এতিয়াও   বস্ত্ৰ, খাদ্যশিল্প তথা  প্ৰতিটো  উপাদান  জীয়াই  ৰাখি  অসমীয়াই  পালন  কৰি  আহিছে  । ৰঙালী  বিহুটোত  আটাইতকৈ  গুৰুত্বপূৰ্ণ  স্থান  লাভ  কৰে  গামোচাই । অসমীয়াৰ যাউতিযুগীয়া সংস্কৃতিৰ  অন্যতম স্থান  দখল  কৰা  গামোচা  সন্মানৰ  প্ৰতীক ।

rup2 নগাঁৱৰ গ্ৰামাঞ্চলৰ  প্ৰতিখন গাঁৱৰ শিপিনীয়ে  বিহু  উপলক্ষে  বৈ  উলিয়াইছে  হেঁপাহৰ  গামোচাখনি । বহি:ৰাজ্যৰ  গামোচাৰে  ৰাজ্যৰ  বজাৰ  উভৈনদী  হৈ  পৰাত  নগঞা  আমাৰ  শিপিনীসকলে  বোৱা  তাঁতশালৰ  গামোচাখনৰ  বিক্ৰী  বিগত  বৰ্ষলৈকে  বহু পৰিমাণে  কমি  গৈছিল  । কিন্তু  ৰাজ্য চৰকাৰে  বহিঃ ৰাজ্যৰ  গামোচা  নিষিদ্ধ কৰাৰ  ফলত  পুনৰ গ্ৰামাঞ্চলত   বৃদ্ধি  পাইছে  মাকোৰ   খিটখিটনি । ইফালে  গামোচাৰ  প্ৰতি  দৃষ্টি  ৰাখি ৰাজ্য চৰকাৰৰ হস্ততাঁত  আৰু  বস্ত্ৰশিল্প বিভাগে  নিজাববীয়াকৈ  শিপিনীসকলৰ  দ্বাৰা  বৈ  উলিয়াইছে  প্ৰায়  ৬লাখ  গামোচা  যাতে  হেঁপাহৰ  ৰঙালী  বিহুটিত  সকলোৱে  ফুলাম  গামোচা
খনি  উপহাৰ হিচাপে  দিবলৈ  পায়  ।

rup4 উল্লেখ যোগ্য  যে  হস্ততাঁত  আৰু  বস্ত্ৰশিল্প  বিভাগৰ  অধীনত
 ৰাজ্যৰ  বিভিন্ন  প্ৰান্তত ১৪.৫লাখ  শিপিনী  আছে  যি  ৰাজ্যৰ  বয়ন শিল্পটিক  আগুৱাই  নিয়াৰ  প্ৰচেষ্টা  গ্ৰহণ  কৰিছে । বিভাগটোৰ
অনুমোদিত  শিপিনীসকলে  ২০%  হাৰত  প্ৰতিমাহে  ২ কিলো গ্ৰামকৈ সূতা  লাভ  কৰে ।

rup6 শিপিনীসকলৰ  বাবে  মুদ্ৰা লোণৰ  বিভাগীয়ভাৱে  প্ৰদান  কৰিছে  । বয়ন শিল্পৰ জৰিয়তে  অৰ্থনৈতিক  স্বাৱলম্বী  হোৱা  ৰাজ্যৰ  শিপিনীসকলে  চলিত বৰ্ষত  ৰঙালী  বিহুটিৰ  বাবে সাজু  কৰি  তুলিছে  গামোচা, টঙালিকে  ধৰি  বিভিন্ন  ধৰণৰ  বয়ন  সামগ্ৰী ।

Your Comments