গোৱালপাৰাৰ গজাপাৰাত বৰশীৰে মাছ মৰা প্ৰতিযোগিতা #

mas

 
আগিয়াৰ পৰা উতপল ৰাভা, ১৩ এপ্ৰিল: গোৱালপাৰা জিলাৰ দ্বাৰকা গাওঁ পঞ্চায়তৰ অন্তৰ্গত গজাপাৰাত গজাপাৰা কালচাৰেল ডেৱেলপমেন্ট এছোছিয়েছনৰ উদ্যোগত শনিবাৰে এক ব্যতিক্ৰমী বৰশীৰে মাছ মৰা প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। গজাপাৰা গাঁওখনৰ মাজেৰে বৈ যোৱা  " দ্বাৰকা দাৰা " নামৰ সৰু নৈত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা  উক্ত বৰশীৰে মাছ মৰা প্ৰতিযোগিতাত গজাপাৰাৰ বেতাপ ৰাভাই প্ৰথম, ৰোখাপাৰাৰ  পবিত্ৰ ৰাভাই দ্বিতীয় আৰু গজাপাৰাৰ কমল ৰাভা আৰু প্ৰশান্ত ৰাভাই যুটীয়াভাৱে তৃতীয় পুৰস্কাৰ লাভ কৰে ।

প্ৰতিযোগিতাৰ অন্তত গজাপাৰা কালচাৰেল ডেৱেলপমেন্ট এছোছিয়েছনৰ সভাপতি কৰুণাকান্ত ৰাভা আৰু সম্পাদক তপন ৰাভাই বিজয়ী প্ৰতিযোগীক পুৰস্কাৰসমুহ বিতৰণ কৰে ।

Your Comments