ৰঙালী বিহু উপলক্ষে কাৱৈমাৰীৰ মীন মহলৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা 

kam

বাপতিসাহোন ৰঙালী বিহুৰ উলহমালহৰ মাজতে নগাঁও জিলাৰ কামপুৰৰ কাৱৈমাৰীৰ বৰপুখুৰী আঞ্চলিক মীনপালক সংস্থাই সুলভ মূল্যত মাছ বিক্ৰী কৰাৰ লগতে কৃতী ছাত্ৰ-ছাত্ৰীকো সম্বৰ্ধনা জনায় ।ইফালে,মীন মহলটোৰ পৰা মাছ কিনিবৰ বাবে পুৱাৰ পৰা যথেষ্টসংখ্যক লোকে ভীৰ কৰে ।

k

উল্লেখ্য যে ঐতিহাসিক কামপুৰৰ বিষ্ণুপুৰী থানৰ অন্তৰ্গত  বৰপুখুৰী মীন মহলটোত প্ৰতিবছৰে ব'হাগ বিহুৰ উৰুকাৰ দিনা মাছ ধৰি সুলভ মূল্যত  বিক্ৰী কৰে। এই মাছ বিক্ৰী কৰি পোৱা ধনৰে অঞ্চলটোৰ কৃতী ছাত্ৰ- ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে অঞ্চলটোৰ সামাজিক কামত ব্যৱহাৰ কৰে ।

Your Comments