মোদী হাটাও দেশ বচাঁও: মৌলনা বদৰ উদ্দিন আজমল

AZMAL

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট ;

১২ এপ্ৰিল: সমগত ৪ নং  ধুবুৰী লোক সভা নিৰ্বাচনক লৈ কেন্দ্ৰ কৰি সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা( AIUDF) দলৰ বিলাসীপাৰা জিলা কমিটিৰ  উদ্দ্যোগত তথা সভাপতিা  হাজী আব্দুল খালেকৰ  সভাপতিত্বত আজি নায়েৰ আলগাত আজমলৰ হেলিকপ্টাৰে বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয় ।  বিশাল নিৰ্বাচনী সভাত মৌলনা বদৰ উদ্দিন আজমলে ভাষনত কয় যে নৰেন্দ মোদী হাটাও দেশ বাচাঁও বুলিও ৰাইজক সদৰী কৰে আজমলে।

 ইয়াৰ উপৰিও আজমলে  ভাষনত কয় যে  নৰেন্দ মোদীক  এইবেলি  ভাৰতৰ প্ৰধান মন্ত্ৰীৰ পদৰ পৰা  চিৰ বিদায় দিব । আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাক শূন্য কৰি দিব বুলি ৰাইজক অৱগত কৰে আজমলে । লগতে আৰু আজমলে ভাষনত কয় যে   কংগ্ৰেছ দলৰ আবু তাহেৰ বেপাৰী  হৈছে বিজেপিৰ পাটনাৰ বুলি মত প্ৰকাশ কৰে ।
 আজমলৰ বিশাল নিৰ্বাচনী সভাত বিধান সভাৰ মজিয়াঁত বটাঁ প্ৰাপ্ত বিধায়ক বছিৰ আহমেদ কাছেমী, ধুবুৰীৰ বিধায়ক নজৰুল ওমৰ আদিকে ধৰি   আৰু বহুতো    দলৰ কৰ্ম- বৃন্দ উপস্থিত থাকে যদিও আজলৰ হেলিকপ্টাৰ বিশাল  নিৰ্বাচনী সভাত প্ৰায় ১০ হেজাৰ অধিক  লোক সমগম হৈছে বুলি জানিব পৰা গৈছে।

Your Comments