![w](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-12%20at%206.15.07%20PM%20%281%29.jpeg?itok=6r_1gNa2)
বটদ্ৰবাৰ পৰা মানস জ্যোতি মহন্তৰ প্ৰতিবেদন, ১২ এপ্ৰিলঃ
যি সকল পুৰোধা ব্যক্তিৰ অৱদানত অসমীয়া ভাষাই আজি বিশ্বৰ বুকুত এটি শুৱলা, সৰল আৰু সুমধুৰ ভাষা হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে, সেই সকল অসমীয়া ভাষা সাহিত্যৰ উজ্জ্বল নক্ষত্ৰ তথা মহীয়ান ব্যক্তিক স্মৰণ কৰাৰ মানসেৰে অসম জাতীয় বিদ্যালয়ৰ উদ্যোগত আজি ১২ এপ্ৰিলৰ দিনা সমগ্ৰ ৰাজ্যজুৰি সাহিত্য দিৱস হিচাপে উদযাপন কৰা হৈছে। তাৰেই অংশ হিচাপে আজি বটদ্ৰৱাৰ সমীপৱৰ্তী কহুৱাআটি স্থিত মলাৰাম হাজৰিকা সোঁৱৰণী জাতীয় বিদ্যালয়ত দিনযোৰা কাৰ্য্যসূচীৰে সাহিত্য দিৱস আৰু ৰঙালীক আদৰাৰ এক মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হয়।
সেই মৰ্মে, পুৱাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে বিদ্যালয় খনৰ অধ্যক্ষ বিমান হাজৰিকাই। ইয়াৰ পাছতে অধ্যক্ষ বিমান হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত সভাত অসমীয়া সাহিত্যৰ এটি সমীক্ষাত্মক ইতিবৃত্ত দাঙি ধৰে শিক্ষয়িত্ৰী জোনালী হাজৰিকাই। সাংবাদিক দিব্যজ্যোতি বৰুৱা, দিলদাৰ হুছেইন, পূজা হাজৰিকা, ধনমনি বৰদলৈ, ধন্তি দাস, জানমনি মেচ বৰদলৈ বিদ্যালয়ৰ প্ৰায় তিনি শতাধিক ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাবিকা আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাৰ শেষত মলাৰাম হাজৰিকা সোঁৱৰণী জাতীয় বিদ্যালয়ৰ কন কন ছাত্ৰ ছাত্ৰীয়ে পৰিবেশ কৰা 'ৰঙালীক আদৰাৰ অনুষ্ঠানত বিহু নৃত্য, তিৱা নৃত্য, বৰো নৃৃত্য, ঢোল বাদনৰ অনুষ্ঠানেে সকলোকে মুগ্ধ কৰে।
- Log in to post comments
- 13 views