অশ্বক্লান্ত দেৱালয়ত অশোকাষ্টমী পালন

asla

নিউজ ডেস্ক :

আজি উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ত অশোকাষ্টমী পৰ্ব অনুষ্ঠিত কৰা হয়।এই উপলক্ষে দেৱালয়খনত পূজা-অৰ্চনা কৰা হয়।অশোকাষ্টমী উপলক্ষে দেৱালয়খনৰ সমীপত ব্ৰহ্মপুত্ৰত পৱিত্র স্নান কৰে বহু নাগৰিকে।উল্লেখ্য যে অশোকাষ্টমীৰ দিনটো ব্ৰহ্মপুত্ৰত স্নান কৰিলে গংগাস্নানৰ পূণ্য লাভ কৰা যায় বুলি লোকবিশ্বাস আছে।

আনহাতে, প্ৰতি বছৰৰ পৰম্পৰা অনুযায়ী আজিৰ দিনটোতে অশ্বক্লান্ত দেৱালয়স্থিত পাহাৰৰ নামনিৰ লুইতৰ পাৰৰ বিষ্ণুপদ আৰু ইয়াৰ আশে-পাশে ব্ৰহ্মপুত্ৰত মৃতকৰ আত্মীয়ৰ তৰ্পণ কৰে বহু লোকে।


গুৱাহাটীৰ পাণবজাৰৰ লুইতৰ পাৰতো যথেষ্টসংখ্যক লোকে মৃতক আত্মীয়ৰ পিণ্ডদান কৰে।অশোকাষ্টমী উপলক্ষে অশ্বক্লান্ত দেৱালয় প্ৰাংগণত প্ৰতি বছৰৰ দৰে মেলা অনুষ্ঠিত হয়।

Your Comments