![langka](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-12%20at%204.38.45%20PM.jpeg?itok=gJSy1P4R)
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাৰ হাৱাইপুৰ শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক সমাৰোহ আজি অনুষ্ঠিত হয়।সমাৰোহত অংশগ্ৰহণ কৰে হাৱাইপুৰ গোসাঁইগাওঁৰ মেধাৱী ছাত্ৰী ৰূপশিখা কলিতাই।উল্লেখ্য যে ৰূপশিখাই ২০১৬ চনত উচ্চতৰ মাধ্যমিকৰ কলা শাখাত প্ৰথম স্থান দখল কৰি হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনিছিল।কিন্তু ফলাফল লাভৰ প্ৰাকমুহূৰ্তত এটা পথ দুৰ্ঘটনাত ৰূপশিখাৰ পিতৃ বিপুল চন্দ্ৰ কলিতাৰ মৃত্য হৈছিল।সমাৰোহত নিজৰ ভবিষ্যত লক্ষ্য-উদ্দেশ্যৰ লগতে পিতৃৰ বিষয়ে প্ৰকাশ কৰিবলৈ গৈ কান্দোনত ভাগি পৰে ৰূপশিখা কলিতা।ভবিষ্যতে এগৰাকী দক্ষ প্ৰশাসনীয় বিষয়া হোৱাৰ ইচ্ছা আছে বুলি সমাৰোহত পিছলৈ তেওঁ প্ৰকাশ কৰে।
সাংস্কৃতিক সমাৰোহত উপস্থিত থাকে ডালমিয়া চিমেন্ট গ্ৰুপৰ মহাপ্ৰবন্ধক, বিশিষ্ট সমাজসেৱক সুজিৎ সোম। সুজিৎ সোমে তেওঁৰ দৰমহাৰ ৫ শতাংশ ধন ৰূপশিখাক দিয়াৰ কথা সাংবাদিকৰ জৰিয়তে প্ৰকাশ কৰে। আজি অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰূপশিখাৰ পিতৃৰ স্মৃতিত শংকৰদেৱ বিদ্যা নিকেতনৰ তোৰণৰ মূল দুৱাৰখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।
- Log in to post comments
- 11 views