![samimul](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-12%20at%203.08.09%20PM.jpeg?itok=r55BAXaR)
লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম
মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ঔতলাবড়ী গাঁৱৰ এগৰাকী স্কুলীয়া ছাত্ৰ সন্ধানহীন হোৱাত পৰিয়ালৰ মাজত শোকাকুল পৰিস্থিতিৰ সৃষ্টি হৈছে।পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি যোৱা ৯ এপ্ৰিলত লাহৰীঘাটৰ কুশতলীত বিজেপি দলৰ এক বিশাল নিৰ্বাচনী সভালৈ গৈছিল ওৱাহিদুল ইছলাম (৯) নামৰ ছাত্ৰজন।
তাৰ পিছৰ পৰাই ছাত্ৰজন সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰৰ লগতে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও কোনো সম্ভেদ লাভ কৰা নাই ছাত্ৰজনৰ।ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে লাহৰীঘাট থানাত অৱগত কৰিছে ।
কোনো সদাশয় লোকে ছাত্ৰজনৰ কিবা সন্ধান পালে স্থানীয় আৰক্ষী চকীত নাইবা পৰিয়ালৰ ৬০০১৩৭৪২৯৯ মোবাইল নম্বৰত যোগাযোগ কৰাৰ বাবে আহ্বান জনাইছে পৰিয়ালটোৱে ।
- Log in to post comments
- 16 views