এছিয়ান গেমছলৈ ৭গৰাকী অসমীয়া 

asian_assam_sport

২০১৮ চনৰ ১৮ আগষ্টৰ পৰা ১৮ সংখ্যক এছিয়ান গেমছৰ আৰাম্ভ হ'ব ইণ্ডোনেছিয়াৰ জাকাৰ্টাত।অসমৰ বাবে হ'ব এক ঐতিহাসিক ক্ষণ।১৯৬৬ চনতে এছিয়ান গেমছত অসমৰ পৰা প্ৰথম ৮০০ মিটাৰ দৌৰত ভোগেশ্বৰ বৰুৱাই স্বৰ্ণপদক লাভ কৰিছিল। ৫০বছৰৰ পিচত এইবাৰ অতি আশাৰে অসমবাসী অপেক্ষা কৰিব আৰু কেইটামান পদকলৈ। সাতোগৰাকী অসম সন্তানে অসমলৈ গৌৰৱ কঢ়িয়াই আনক।ভাৰত গৌৰৱ হিমা দাসৰ লগতে বক্সাৰ শিৱ থাপা, আৰ্চাৰীত প্ৰমীলা দৈমাৰী, টাইকোৱানডোত ৰুদালী বৰুৱা, বেঢমিণ্টনত অস্মিতা চলিহা, ফেণ্সিঙত কবিতা দেৱী, বাস্কেট বলত জোনালী দত্ত।হিমা এই বাৰ এছিয়ান গেমছত সকলোৰে লক্ষ্যৰ বিষয় হ'ব। অসমীয়াই আশা কৰিব স্বৰ্ণপদক আহিব এই বাৰ অসমলৈ। আমি অসমতে থাকি ৭ অসমীয়াক জিকাব লাগিব।

Your Comments