মন্ত্ৰী ৰিহণ দৈমাৰীৰ গৃহ সমষ্টিত প্ৰহসনত পৰিণত পানীযোগান আঁচনি

মন্ত্ৰী ৰিহণ দৈমাৰীৰ গৃহ সমষ্টিত প্ৰহসনত পৰিণত পানীযোগান আঁচনি

যিসময়ত চৰকাৰখনে স্বচ্ছতা আৰু বিশুদ্ধ খোৱাপানী সেৱনৰ বাবে বিজ্ঞাপনৰ নামত কোটি কোটি টকা খৰচ কৰি প্ৰচাৰ কৰিছে, তেনে সময়তে ওদালগুৰি জিলাৰ অন্তৰ্গত ওদালগুৰি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ জনস্ব‍্যাস্থ কাৰিকৰী বিভাগৰ কেবিনেট মন্ত্ৰী ৰিহণ দৈমাৰীৰ গৃহ সমষ্টিত প্ৰহসনত হৈছে খোৱাপানী যোগান আঁচনি । জনস্ব‍্যাস্থ কাৰিকৰী বিভাগ, টংলা সংমণ্ডলৰ অন্তৰ্গত ১নং পানীমুদীঝাৰ গাঁৱৰ ৰাইজে আজিপৰ্যন্ত পানীযোগান আঁচনিখনৰ পৰা পানী যোগান নোপোৱাত প্ৰকৃতিৰ দান উঁহৰ পানী খাই জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে ।

মন্ত্ৰী ৰিহণ দৈমাৰীৰ গৃহ সমষ্টিত প্ৰহসনত পৰিণত পানীযোগান আঁচনি

চৰকাৰী ধন খৰচ কৰি পানীযোগান আঁচনিখন নিৰ্মাণ কৰাৰ কেইবাবছৰ উকলি যোৱাৰ পিছটো কাৰ্যক্ষম নকৰি পেলাই থোৱাত হাবি-বননিৰে ভৰি পৰি এৰাবাৰীত পৰিণত হোৱা পৰিলক্ষিত হৈছে । বিশুদ্ধ খোৱাপানীৰ অভাৱত অঞ্চলটোত মাৰাত্মক ৰোগে জনস্ব‍্যাস্থৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে অঞ্চলটোত । কেইদিনমান পুৰ্বে ৰুইৰূপ দৈমাৰী নামৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত‍্যু হোৱাৰ লগতে কে'বাজনো আক্ৰান্ত হোৱাৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰাত তীব্ৰ আতংকত ভুগিছে ৰাইজ । মন্ত্ৰী তথা বিভাগৰ উদাসীনতাৰ বাবে বিভিন্ন প্ৰান্তৰ লগতে সংশ্লিষ্ট পানী যোগান আঁচনিখনৰ পৰা অদ‍্যাপি ৰাইজে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈছে ।

Your Comments