নিউজীলেণ্ডৰ মছজিদত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত লোকৰ সংখ্যা ৪৯ জনলৈ বৃদ্ধি

wrold

নিউজীলেণ্ডৰ খ্ৰাইষ্টচাৰ্চস্থিত অল নুৰ আৰু লিনৱুড মছজিদত সন্ত্ৰাসবাদীৰ গুলীবর্ষণত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৯  জনলৈ বৃদ্ধি পাইছে।সন্ত্ৰাসবাদীয়ে লাইভ ভিডিঅ'ত গুলী চালনা কৰিছিল। ইয়াৰে এটা মছজিদত বাংলাদেশৰ ৰাষ্ট্ৰীয়  ক্ৰিকেট দলৰ খেলুৱৈসকল উপস্থিত আছিল আৰু তেওঁলোকে  মছজিদৰ পৰা দৌৰি ওলাই আহি কোনোমতে প্ৰাণ ৰক্ষা কৰে।গুলীবর্ষণ কৰা  সন্ত্ৰাসবাদীক  সুৰক্ষা বাহিনীয়ে আটক কৰা বুলি জানিব পৰা গৈছে।

বৰ্তমানলৈ ৪ জন লোকক ঘটনাত জড়িত থকাৰ অভিযোগত আটক কৰা হৈছে। এই আক্ৰমণৰ পিছত  নিউজীলেণ্ডৰ মছজিদসমূহৰ দুৱাৰ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে চৰকাৰে।

Your Comments