বিন্নাকান্দি উন্নয়ন খণ্ডত পুনৰ ভিজিলেন্সৰ অভিযান 

logo

ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ

বিগত পঞ্চায়তীৰাজ কাৰ্যকালত অবিভক্ত নগাওঁ জিলাৰ সৰ্ববৃহত উন্নয়ন খণ্ড ৰূপে পৰিচিত ডবকাৰ বিন্নাকান্দি উন্নয়ন খণ্ডত এনৰেগা আঁচনিত কেইবা কোটিটকীয়া আৰ্থিক খেলিমেলিৰ অভিযোগ উত্থাপিত হৈছিল ৷ এই খেলিমেলিৰ তদন্তৰ দাবীও কৰিছিল ৰাইজে ৷ মুখ্যমন্ত্ৰীকে ধৰি সকলো তদন্তকাৰী গোটলৈ ৰাইজে দিছিল দাবী পত্ৰ ৷

কিন্তু তদন্তৰ নামত প্ৰতিবাৰেই চলিছিল এখন নাটক ৷ তাৰ মাজতে পুনৰ মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি বিৰোধী গোটে যোৱা বুধবাৰে বিন্নাকান্দি ব্লকৰ অন্তৰ্গত আমবাৰী গাঁও পঞ্চায়তত দুৰ্নীতিৰ তদন্ত চলায় ৷ মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চৰ পৰিদৰ্শক অতুল ৰায় প্ৰধানীৰ নেতৃত্বত অহা প্ৰতিনিধি দলটোৱে প্ৰথমে আমবাৰী গাঁও পঞ্চায়তত তদন্ত চলাই বিয়লিৰ ভাগত উন্নয়ন খণ্ড কাৰ্যালয়ত উপস্থিত হোৱাত ব্লকৰ  বিষয়া-কৰ্মচাৰীৰ মাজত এক প্ৰকাৰ আতংকৰ সৃষ্টি হয় ৷

উল্লেখ্য যে আমবাৰী গাঁও পঞ্চায়তত বিগত বৰ্ষসমূহত এনৰেগা আঁচনিত কেইবা কোটিৰ দুৰ্নীতি সংঘটিত হৈছিল ৷ ব্লকটোত সংঘটিত দুৰ্নীতিৰ বাৰে বাৰে তদন্ত হয় যদিও প্ৰতিবাৰেই অভিযুক্তসকল সাৰি যাবলৈ সক্ষম হয় ৷ এইবাৰো পূৰ্বৰ দৰে তদন্তৰ নামত ভেকোঁভাওনা হ'বনে ? এই প্ৰশ্ন ডবকাৰ ৰাইজৰ৷

Your Comments