তিৱা জাতীয় ঐক্য মঞ্চৰ সভাপতি অনিল ফামজং কংগ্ৰেছত যোগদান 

tiwa_partiy_president

মৰিগাঁৱৰ পৰা জিতুমনি নাথ

প্ৰতিটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত একাংশ ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে প্ৰচলন কৰা দল বাগৰা ৰাজনীতিৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পুনৰ আন একাংশ ৰাজনৈতিক নেতা-কৰ্মীয়ে আৰম্ভ কৰিছে দল বাগৰা ৰাজনীতি। এইবাৰ আৰম্ভ হৈছে তিৱা ৰাজনীতিত। মৰিগাঁও কংগ্ৰেছ দলৰ কাৰ্যালয়ত আজি অনুষ্ঠিত হোৱা এখন সভাত তিৱা জাতীয় ঐক্য মঞ্চৰৰ কেন্দ্ৰীয় সভাপতি অনিল ফামজংএ আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰা ঘটনাই তিৱা ৰাজনীতিত জোকাৰণি সৃষ্টি কৰিছে।

বৰ্তমানেও তিৱা জাতীয় ঐক্য মঞ্চৰ সভাপতিৰ দায়িত্ব বহন কৰি থকা তিৱা জাতীয় ঐক্য মঞ্চৰ সভাপতি অনিল ফামজংএ আজি মৰিগাঁও জিলা কংগ্ৰেছ কমিটীৰ নেত্ৰী তথা প্ৰাক্তন বিধায়ক জোন জোনালী বৰুৱাৰ লগতে বহু কেইজন জিলা পৰ্যায়ৰ নেতা-কৰ্মীৰ উপস্থিতিত জিলা কংগ্ৰেছৰ কাৰ্যালয় ক্ষীৰুদ ভৱনত যোগদান কৰে তিৱা নেতাজনে ৷ তিৱা নেতাজনে কংগ্ৰেছত যোগদান কৰাৰ পিছতেই তেওঁ কয় তিৱা জনগোষ্ঠীটোক বিজেপিয়ে কেৱল ব্যৱহাৰ কৰি আহিছে। 

মৰিগাঁৱত বিজেপি দলটো ৰাজেন গোহাঁই আৰু ৰমা কান্ত দেউৰীৰ মাজত দুটা ভাগত বিভক্ত। তদুপৰি তিৱা জাতীয় ঐক্য মঞ্চৰো দুটা ভাগত বিভক্ত কৰি পিছলৈ জাতীয় ঐক্য মঞ্চ কৰি ৰাজনৈতিক দল খোলা হৈছে।  তিৱা স্বায়ত্ত পৰিষদ থকাৰ পিছতো তিৱা জনগোষ্ঠী ৰাইজৰ কোনো উন্নয়ন সাধন হোৱা নাই। এনেবোৰ কাৰণতেই কংগ্ৰেছত যোগদান কৰিবলৈ বাধ্য হোৱা বুলি মন্তব্য কৰি তিৱা নেতাজনে কয় আগন্তুক দিনত তিৱা জাতীয় ঐক্য মঞ্চৰ আৰু বহু কৰ্মী কংগ্ৰেছত যোগদান কৰিব বুলিও মন্তব্য কৰে৷

Your Comments