গোলাঘাটত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব পূব মণ্ডল বক্সিং প্ৰতিযোগিতা 

sp

গোলাঘাটৰ পৰা মীনাক্ষী ফকন

বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ অন্তৰ্গত গোলাঘাট জিলা এমেচাৰ বক্সিং এছ'চিয়েচনৰ উদ্যোগত অহা ২৪ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈকে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব পূৱ মণ্ডল (ল'ৰা-ছোৱালী) চাব-জুনিয়ৰ বক্সিং প্ৰতিযোগিতা। প্ৰয়াত প্ৰবীণ কুমাৰ গগৈ ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনিত অসম, পশ্চিমবংগ, চিকিম, মেঘালয়ৰ প্ৰায় ১৫০ প্ৰতিযোগিয়ে অংশ ল'ব।

ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠা প্ৰতিযোগিতাখনিত আন্তঃৰাষ্ট্ৰীয় খ্যাতসম্পন্ন মেৰী ক'ম, অংকুশিতা বড়ো, শিৱ থাপা আৰু লাভলীনা বুঢ়াগোঁহাই আদিৰ দৰে খেলুৱৈ অহাৰ নিশ্চয়তা দিয়া বুলি জিলা সমিতিৰ হৈ আনজাৰ হুছেইন, বিতোপন গগৈ, মৃদুল গগৈ, উপেন গগৈয়ে এক  সংবাদ মেলৰ যোগেদি জানিবলৈ দিয়ে লগতে মুখ্য অতিথি ৰূপে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব বুলিও সদৰি কৰে কমিটীৰ বিষয়ববীয়াসকলে।  গোলাঘাটৰসমূহ ক্ৰীড়া প্ৰেমী ৰাইজৰ উপস্থিতি তথা সহায় সহযোগ উদ্‌যাপন কমিটীয়ে একান্ত কামনা কৰিছে।

Your Comments