নুমলীগড় ৰিফাইনেৰী উদ্যোগত বিশ্ব নাৰী দিৱস উপলক্ষে মহিলা ভলীবল প্ৰশিক্ষণ শিৱিৰ

sp_golaghat

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
বিশ্ব নাৰী দিৱস উপলক্ষে গোলাঘাটৰ নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ উদ্যোগত যোৱা ৭ তাৰিখৰ পৰা ৯ তাৰিখৰ লৈকে অনুষ্ঠিত হৈ যায় মহিলা ভলীবলৰ উচ্চ প্ৰশিক্ষণ শিৱিৰ। প্ৰাক্তন খেলুৱৈ প্ৰণীতা ডেকাৰ তত্বাৱধানত অনুষ্ঠিত হোৱা শিৱিৰটো প্ৰায় ১৫গৰাকী ভলীবল খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

প্ৰশিক্ষকৰূপে উপস্থিত থাকে প্ৰাক্তন ৰাজ্যিক ভলী ও ফুটবল খেলুৱৈ মুস্তাক খান আৰু গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ ভলীবল বিভাগৰ প্ৰশিক্ষক সীমান্ত বড়ো। উক্ত প্ৰশিক্ষণ শিৱিৰৰ পৰাই গোলাঘাট জিলা মহিলা ভলীবল দলটি নিৰ্বাচন কৰা হয়। অহা ১৫ মাৰ্চৰ পৰা ১৭ মাৰ্চৰলৈকে  গোৱালপাৰা জিলাৰ আগিয়াত অনুষ্ঠিত হ'বলগীয়া ৫৫ সংখ্যক পুৰুষ-মহিলা আন্তঃজিলা ভলীবল প্ৰতিযোগিতালৈ ৰাওনা হ'ব।

উক্ত দলটিত স্থান লাভ কৰা খেলুৱৈসকল হৈছে, প্ৰণতী দাস, কাবেৰী বৰা, মৌচুমী বৰবৰুৱা, পূবালী বৰা, ৰীছা বৰা, সংগীতা সৰকাৰ, এনিশা বৰা, পাৰ্চী ডি: চাংমা আৰু মাধৱী দাস। দলটিত মেনেজাৰ আৰু প্ৰশিক্ষকৰূপে যাব প্ৰাক্তন ৰাজ্যিক ভলীবল খেলুৱৈ প্ৰকাশ বৰা।

Your Comments