পাবজীৰ নিচাগ্ৰস্ত ছাত্ৰই পিতৃৰ একাউণ্টৰ পৰা লুটিলে ৫০ হাজাৰ

পাবজীৰ নিচাগ্ৰস্ত ছাত্ৰই পিতৃৰ একাউণ্টৰ পৰা লুটিলে ৫০ হাজাৰ

পাবজী গেমৰ নিচাত হিতাহিত জ্ঞান হেৰুওৱা কিশোৰ-কিশোৰীয়ে অপৰাধমূলক কাৰ্যত লিপ্ত হোৱাৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। পঞ্জাবৰ জলন্ধৰৰ এজন দশম শ্ৰেণীৰ ছাত্ৰই পাবজী কন্ট্ৰ'লাৰ, স্ক্ৰিণ আদি ক্ৰয় কৰিবলৈ দেউতাকৰ বেংক একাউণ্টৰ পৰা চুৰি কৰিলে ৫০ হাজাৰ টকা। পিতৃয়ে কোনো দুষ্টচক্ৰই এই কাম কৰা বুলি আৰক্ষীক গোচৰ দিছিল। আৰক্ষীয়ে অনুসন্ধান কৰি দশম শ্ৰেণীৰ পুত্ৰই যে চোৰ, সেই কথা অৱশেষত ধৰা পেলালে। কিশোৰজনৰ এনে কাণ্ডত হতবাক পিতৃৰ লগতে আৰক্ষীও।

Your Comments