![নিউজ১এএছএনৰ১বাতৰিৰ১প্রভাৱ১ো১কালাইন-ডিগাৱৰ১সংযোগী১পথৰ১নির্মাণকাৰ্য১আৰম্ভ](/sites/default/files/styles/article_detail/public/2019-03/000eca34-dd54-4af8-a0d3-6e4c209b8c3c.jpg?itok=xQdHdk2e)
বৰাকৰ পৰা আবদুল আলিম চৌধুৰী
নিউজ এএছএনৰ বাতৰিৰ পিছতহে যেন সাৰ পালে ঠিকাদাৰে৷ উল্লেখ্য যে কালাইন-ডিগাৱৰ সংযোগী পথৰ কদৰ্যময় অৱস্থা আৰু নিৰ্মাণকাৰ্যত ঠিকাদাৰৰ গাফিলতিৰ অভিযোগ প্ৰকাশ পাইছিল নিউজ এএছএনত৷ ইয়াৰ পিছতে পথটো নিৰ্মাণত আজি তৎপৰতা গ্ৰহণ কৰে ঠিকাদাৰ তথা শ্ৰমিকসকলে৷ অঞ্চলটোৰ ৰাইজে জানিবলৈ দিয়ামতে, ঠিকাদাৰ অৰুপ পালে পথটোৰ ঠিকা পাইছিল৷ অতি সোনকালেই শোচনীয় পথটো যাতায়াতৰ উপযোগী হ'ব বুলি আশা কৰা হৈছে৷ যোগাযোগ প্ৰায় বন্ধ হৈ পৰা পথটো নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ ব্যৱস্থা লোৱা বাবে কাছাৰৰ নৱনিযুক্ত উপায়ুক্ত ডঃ লায়া মাধুৰীক ধন্যবাদ জনাইছে কালাইনৰ ভুক্তভোগী ৰাইজে৷
- Log in to post comments
- 25 views