বৰাকৰ পৰা আব্দুল আলিম চৌধুৰী
কিছুদিন পূৰ্বে বৰাক উপত্যকা ভ্ৰমণলৈ আহি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিলচৰ-কালাইন সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে বৃহৎ অংকৰ পেকেজ ঘোষণা কৰিছিল। কিন্তু গড়কাপ্তানী বিভাগৰ গাফিলতিৰ বাবে এই ঘাইপথ অংশৰ কোনোধৰণৰ উন্নয়নসাধন নহ'ল বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। বৰ্তমান চলাচলৰ অনুপযোগী হৈ পৰিছে উক্ত ঘাইপথ অংশ। শিলচৰৰ সাংসদ সুস্মিতা দেৱো ঘাইপথছোৱাৰ উন্নয়নৰ ক্ষেত্ৰত উদাসীন বুলি ছাত্ৰ সংগঠন 'অবিসা'ৰ নেতা বাহাৰুল ইছলামে অভিযোগ কৰিছে।
- Log in to post comments
- 39 views
