নিবনুৱা সমস্যাক অন্যতম প্ৰধান ইচ্ছ্যু হিচাপে লৈ শাসনৰ গাদী দখল কৰা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত দেশত সৰ্বাধিক হাৰত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা। সংবাদ প্ৰতিষ্ঠান ৰয়টাৰত প্ৰকাশ পোৱা এক বাতৰিমতে, চলিত বৰ্ষৰ ফেব্রুৱাৰী মাহলৈকে ভাৰতত নিবনুৱাৰ হাৰ ৭.২ শতাংশলৈ বৃদ্ধি পাইছে।
২০১৬ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা এয়াই হৈছে আটাইতকৈ সৰ্বাধিক হাৰ। যোৱা বছৰ অৰ্থাৎ ২০১৮ চনৰ ফেব্ৰুৱাৰীত এই হাৰ আছিল ৫.৯ শতাংশ। উল্লেখযোগ্য যে মুম্বাইস্থিত চেণ্টাৰ ফৰ মণিটৰিং ইণ্ডিয়ান ইক'নমী(CMIE) নামৰ প্ৰতিষ্ঠানে যুগুত কৰা এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। উক্ত প্ৰতিষ্ঠানটোৰ মুৰব্বী মহেশ ভ্যাসে টুইটাৰত জনোৱামতে, দেশত চাকৰি বিচৰা প্ৰাৰ্থীৰ সংখ্যা কমিছে যদিও নিবনুৱাৰ সংখ্যা কিন্তু বৃদ্ধি পাব ধৰিছে।
CMIE-য়ে যুগুত কৰা প্ৰতিবেদনখনক বহুসংখ্যক অৰ্থনীতিবিদে চৰকাৰে প্ৰকাশ কৰা নিবনুৱাৰ সংখ্যাতকৈ অধিক বিশ্বাসযোগ্য বুলিও মন্তব্য কৰিছে মুৰব্বীজনে। আনহাতে, এই প্ৰতিবেদনে দেশত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰাক্ক্ষণত মোডী চৰকাৰখনক নিশ্চয়কৈ বিপদত পেলাব।
- Log in to post comments
- 65 views