নগাঁৱৰ কঠীয়াতলিত পথ দুৰ্ঘটনাত আহত ৬

নগাঁৱৰ কঠীয়াতলিত পথ দুৰ্ঘটনাত আহত ৬

নগাঁৱৰ কঠীয়াতলিৰ লুংপংঙত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত অঘটন। পথৰ ওপৰতে বাগৰি পৰিল মেক্সিম' বাহন। নগাঁৱৰ পৰা সৰুপথাৰ অভিমুখে আহি থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত গৰ্ভৱতী মহিলা আৰু এগৰাকী ৬ বছৰীয়া কন্যাশিশুসহ ৬জনকৈ লোক আহত হৈছে। গুৰুতৰভাৱে আহত ফুলভানু  নামৰ মহিলা এগৰাকীৰ লগতে বাকী কেইজনকো ততাতৈয়াকৈ নগাঁৱলৈ প্ৰেৰণ কৰা হয়। পথত জমা হৈ থকা পানীৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় মেক্সিম' গাড়ীখন। গাড়ীখনৰ নং AS02BC-2820.

Your Comments