চুড়ান্ত খচৰাত ১,২৭,২২৭গৰাকীৰ নাম নাহিল ওদালগুৰি জিলাত

চুড়ান্ত খচৰাত ১,২৭,২২৭গৰাকীৰ নাম নাহিল ওদালগুৰি জিলাত

বহু প্ৰত্যাশিত এন আৰ চিৰ চুড়ান্ত খচৰা সমগ্ৰ ৰাজ্যখনৰ লগতে ওদালগুৰি জিলাতো যোৱা ৩০ জুলাইত প্ৰকাশ পায়।প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাবেষ্টনী আৰু জনসাধাৰণৰ সহযোগিতাত জিলাখনত শান্তিপূৰ্ণভাৱে চুড়ান্ত খচৰা প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে জিলাখনৰ ৮,৭৬,০৩০গৰাকী আবেদনকাৰীৰ বিপৰীতে ৭,৪৮,৮০৩গৰাকীৰ নাম চুড়ান্ত খচৰাত সন্নিৱিষ্ট হয়৷ ইয়াৰে ১,২৭,২২৭গৰাকী আবেদনকাৰীৰ নাম চূড়ান্ত খচৰাৰ পৰা বাদ পৰে। আনহাতে, ৩৫নং পাণবাৰী এন আৰ চি সেৱা কেন্দ্ৰটো প্ৰশাসনে স্পৰ্শকাতৰ হিছাপে চিহ্নিত কৰিছিল যদিও সেই অঞ্চলটোত শান্তিপূৰ্ণভাৱে খচৰা প্ৰকাশ পায়।

কদমতলা বাগিচা, গলণ্ডী চাহ বাগিচা, গলণ্ডী হাবি, বৰবড়ী, বেগাৰকাষ আৰু বৰাখাত গাঁওসমুহৰ সংলগ্ন পাণবাৰী কেন্দ্ৰটোৰ মুঠ ১৫,০০০ আবেদনকাৰীৰ বিপৰীতে ৫,৫০০গৰাকী আবেদনকাৰীৰ নামহে চুড়ান্ত খচৰাত প্ৰকাশ পোৱাটো লক্ষণীয় হৈ পৰিছে।

ইফালে ৰাজ্যিক বিজেপিৰ সদস্য নিৰঞ্জন সিঙৰ সকলো পৰিয়ালৰ নাম খচৰাত প্ৰকাশ পালে যদিও বিজেপি নেতাগৰাকীৰ নাম প্ৰকাশ নোপোৱাত ৰাইজৰ মাজত চৰ্চা চলিছে৷

Your Comments