পুলৱামাৰ খলনায়ক, কুখ্যাত সন্ত্ৰাসবাদী আদিল আহমেদ ডাৰ

পুলৱামাৰ খলনায়ক, কুখ্যাত সন্ত্ৰাসবাদী আদিল আহমেদ ডাৰ

আদিল আহমেদ ডাৰ৷ পুলৱামাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত চৰ্চালৈ আহিছে এই নামটো৷ পিছে কোন এই আদিল ডাৰ৷ যিটো সন্ত্ৰাসবাদীয়ে আত্মঘাতী বোমাৰু হৈ হত্যা কৰিলে ৪৪জনকৈ চি আৰ পি এফ জোৱান সেইটোৱেই হ'ল কুখ্যাত আদিল ডাৰ৷ পুলৱামাৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰক্তবন্যাৰ সৃষ্টি কৰা ২০ বছৰীয়া ডাৰ জঈছ-ই-মহম্মদৰ সদস্য আছিল৷ বৃহস্পতিবাৰে আত্মঘাতী আক্ৰমণটোৰ পিছতেই সন্ত্ৰাসবাদী সংগঠনটোৱে জাৰি কৰা এটা ভিডিঅ'ত ডাৰে ভাৰতৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে৷ সন্ত্ৰাসবাদীটোৱে ভিডিঅ'টোত উল্লেখ কৰে যে সি এটা বিশেষ উদ্দেশ্য পূৰণৰ বাবে জঈছ-ই-মহম্মদত যোগ দিছিল৷ সি নিজকে প্ৰকৃত মুছলমান বুলি দাবী কৰি তাৰ নাম সোণালী আখৰত লিখা হ'ব বুলি উল্লেখ কৰে৷ আই চি ৮১৪ বিমান অপহৰণ কাণ্ড, নাগ্ৰতা শিবিৰ আক্ৰমণ, পাঠান কোট বিমান কোঠ আক্ৰমণৰ জৰিয়তে ভাৰতক তীব্ৰ আঘাত দিয়াৰ পিছত বৰ্তমানৰ আক্ৰমণটোৰে সন্ত্ৰাসবাদী সংগঠনটো পূৰ্বতকৈ অধিক শক্তিশালী বুলি ডাৰে দাবী কৰে৷ এয়া এটা আৰম্ভণি বুলিহে সন্ত্ৰীসবাদীটোৱে মন্তব্য কৰে৷ 

Your Comments