চৰকাৰ আৰু জোৱানসকলৰ লগত কংগ্ৰেছ আছে : ৰাহুল গান্ধী 

চৰকাৰ আৰু জোৱানসকলৰ লগত কংগ্ৰেছ আছে : ৰাহুল গান্ধী 

পুলৱামাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ তীব্ৰ নিন্দা কৰিছে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে৷ দিল্লীত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেলত এই আক্ৰমণক দেশৰ আত্মাত আক্ৰমণ বুলি অভিহিত কৰে গান্ধীয়ে৷ সংবাদমেলখনত ৰাহুল গান্ধীয়ে কয়, 'ভাৰতক কোনো শক্তিয়ে পৰাভূত কৰিব নোৱাৰে, ভাগ ভাগ কৰিব নোৱাৰে৷ আমাৰ নিৰাপত্তাৰক্ষীৰ ওপৰত এনে আক্ৰমণ অতিকৈ ঘৃণনীয়৷ এই আক্ৰমণত দেশবাসীয়ে অন্তৰত আঘাত পাইছে৷' কংগ্ৰেছ সভাপতিগৰাকীয়ে চৰকাৰ আৰু জোৱানসকলৰ সৈতে কংগ্ৰেছ আছে বুলি উল্লেখ কৰে৷

Your Comments