পুলৱামাৰ ঘটনাক লৈ ৰাছিয়া-আমেৰিকাৰ তীব্ৰ প্ৰতিক্ৰিয়া 

পুলৱামাৰ ঘটনাক লৈ ৰাছিয়া-আমেৰিকাৰ তীব্ৰ প্ৰতিক্ৰিয়া 

বৃহস্পতিবাৰে পুলৱামাত জৈছ-ই-মহম্মদৰ আত্মঘাতী আক্ৰমণৰ ঘটনাই বিশ্ব জোকাৰি গৈছে৷ এই সন্ত্ৰাসবাদী আক্ৰমণৰ তীব্ৰ নিন্দা কৰিছে বিশ্বৰ কেইবাজনো শীৰ্ষ ৰাষ্ট্ৰ নেতাই৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে পুলৱামাৰ আক্ৰমণৰ তীব্ৰ নিন্দা কৰিছে৷ সন্ত্ৰাসবাদীহঁতৰ পৃষ্ঠপোষক আৰু সমৰ্থকসকলক শাস্তি প্ৰদান কৰিবই লাগিব বুলি স্পষ্ট ভাষাৰে কৈছে পুটিনে৷ ভাৰতবৰ্ষৰ সৈতে ৰাছিয়াৰ সন্ত্ৰাসবাদবিৰোধী সহযোগিতা অব্যাহত থাকিব বুলি পুটিনে উল্লেখ কৰিছে৷ আনহাতে, মাৰ্কিন যুক্তাৰাষ্ট্ৰয়ো পুলৱামা আক্ৰমণৰ তীব্ৰ নিন্দা কৰিছে৷ হোৱাইট হাউছৰ পৰা প্ৰকাশিত এক বিজ্ঞপ্তিত মাৰ্কিন যুক্তৰাষ্ট্ৰই পাকিস্তানক সন্ত্ৰাসবাদীৰ ঘাটিসমূহ ততালিকে উৎখাত কৰিবলৈ আহ্বান জনাইছে৷ পাকিস্তানত ঘাটি থকা সন্ত্ৰাসবাদী সংগঠনসমূহেই ভাৰতকে ধৰে বিভিন্ন দেশত কূটাঘাট সংঘটিত কৰি আছে বুলি স্পষ্টভাৱে উল্লেখ কৰিছে হোৱাইট হাউছে৷ 

Your Comments