পাকিস্তানে সমুচিত উত্তৰ পাব বুলি হুংকাৰ দিলে প্ৰধানমন্ত্ৰী মোডীয়ে

modi_blast_kashmir

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পাকিস্তানক চূড়ান্ত সকীয়নি প্ৰদান কৰিছে৷ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত চিআৰপিএফ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে উদাত্ত কণ্ঠৰে ভাষণ প্ৰদান কৰি কয় যে দেশত এতিয়া জনতাৰ মাজত প্ৰৱল ক্ৰোধ৷

কিবা এটা শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰা মানসিকতা এতিয়া দেশত৷ সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক পাকিস্তানে সমুচিত উত্তৰ পাব বুলিও কয় প্ৰধানমন্ত্ৰীয়ে৷ প্ৰধানমন্ত্ৰীয়ে কয়- পাকিস্তানে ভাৰতক কেতিয়াও অস্থিৰ কৰিবলৈ নোৱাৰে৷ পাকিস্তান নিজে এতিয়া ধ্বংস পথত আগবাঢ়িছে৷

প্ৰধানমন্ত্ৰী মোডীয়ে ভাষণ প্ৰসংগত পুনৰ কয়- দুটা সপোনৰ বাবে আমাৰ বীৰ জোৱানসকলে প্ৰাণ আহুতি দিছে৷ সেই সপোন দুটা হৈছে দেশৰ সুৰক্ষা আৰু দেশৰ সমৃদ্ধি৷ এই দুটা সপোন পূৰ্ণ কৰাৰ বাবে আমি প্ৰতিক্ষণত যুঁজিব লাগিব৷ পৃথিৱীৰ সকলো দেশ একত্ৰিত হৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ লাগিব বুলি প্ৰধানমন্ত্ৰীয়ে সজোৰে কয়৷

আজি ভাৰতৰ প্ৰথমখন ছেমি বুলেট ট্ৰেইন বন্দে ভাৰত এক্সপ্ৰেছ উদ্বোধন কৰি এইদৰে পাকিস্তান আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে হুংকাৰ দিয়ে প্ৰধানমন্ত্ৰী মোডীয়ে৷

Your Comments