ভাৰতবাসীক এতিয়া প্ৰতিশোধ লাগে...

w

দেশক এতিয়া প্ৰতিশোধ লাগে। শোকাভিভূত আৰু ক্ৰোধান্বিত দেশবাসীয়ে এতিয়া অপেক্ষা কৰিছে কেনেদৰে ভাৰতীয় সেনাই সন্ত্ৰাসবাদী আৰু পাকিস্তানৰ ওপৰত ৪৪ গৰাকী জোৱানৰ হত্যাৰ প্ৰতিশোধ লয়।বৃহস্পতিবাৰে কুলৱামাত জৈছ-ই-মহম্মদ সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত ৪৪ গৰাকী চিআৰপিএফ জোৱান ছহিদ হোৱাৰ পিছত এতিয়া তীব্র প্ৰত্যাক্ৰমনৰ বাবে সাজু হৈছে ভাৰত চৰকাৰ আৰু ভাৰতীয় সেনা।

পাকিস্তান অথবা পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্ৰচণ্ড আক্রমণৰ ৰণ কৌশল যুগুত কৰাৰ লক্ষ্যৰে আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত সুৰক্ষা ব্যৱস্থা বিষয়ৰ কেবিনেট সমিতিৰ বৈঠক অনুষ্ঠিত হয়।

a

বৈঠকত গৃহমন্ত্ৰী ৰাজনাথ সিং, প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণ, বিদেশ পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজ, বিত্ত মন্ত্ৰী অৰুণ জেটলী আদি মন্ত্ৰীবৰ্গই অংশগ্ৰহণ কৰে৷ এই বৈঠকত সন্ত্ৰাসবাদীক মষিমূৰ কৰাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত অংশগ্ৰহণ কৰাৰ পিছতে গৃহমন্ত্ৰী ৰাজনাথ সিং কাশ্মীৰমুখী হৈছে। সিঙেও সন্ত্ৰাসবাদ বিৰোধী যথোচিত পদক্ষেপ গ্ৰহণ সন্দৰ্ভত কাশ্মীৰত সুৰক্ষা বাহিনীৰ সৈতে আলোচনা কৰিব।

এনআইএৰ ১২জনীয়া দলো আজি পুলৱামাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিস্ফোৰণস্থলীত উপস্থিত হৈ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব।

Your Comments