ম্যানমাৰৰ দুগৰাকী গণতান্ত্ৰিক সংগ্ৰামীৰ বক্তব্য শুনি...

ম্যানমাৰৰ দুগৰাকী গণতান্ত্ৰিক সংগ্ৰামীৰ বক্তব্য শুনি...


ৰাজকমল চাংকাকতি

মানুহজনে বাৰ্মিজ ভাষাত বৰ্ণনা দি গৈছে।তেওঁৰ বক্তব্যৰ অনুবাদ কৰি গৈছে কাষতে বহি থকা মহিলাগৰাকীয়ে।মানুহজন আমাৰে কাষৰীয়া ম্যানমাৰ অথবা ব্ৰহ্মদেশৰ।বয়সস্থ ব্যক্তিজনে কাৰাগাৰত অতিবাহিত কৰিছিল বহু বছৰ।মানুহজনৰ নাম নুই পু লেই(Nyi Pu Lay)।তেওঁ ম্যানমাৰৰ এগৰাকী সাহিত্যিক। লেইৰ বক্তব্যৰ অনুবাদ কৰি থকা মহিলা গৰাকীও ম্যানমাৰৰে।তেওঁৰ নাম মা থিদা(Ma Thida)-এগৰাকী লেখিকা আৰু মানৱ অধিকাৰ কৰ্মী।ম্যানমাৰৰ প্রসিদ্ধ এই লেখিকাগৰাকীয়েও কেইবাবছৰ কাৰাৰুদ্ধ জীৱন অতিবাহিত কৰিছে।গণতান্ত্ৰ আৰু বাক স্বাধীনতা ৰ পক্ষত অৱস্থান লৈছিল তেওঁলোকে,যাৰ বাবে ম্যানমাৰৰ সামৰিক শাসক গোষ্ঠীয়ে তেওঁলোকক বহু বছৰ ধৰি কাৰাৰুদ্ধ কৰি ৰাখিছিল।
 নিষিদ্ধ সংগঠনৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত সামৰিক শাসকে কাৰাৰুদ্ধ কৰাৰ পিছত কেনেদৰে কাৰাগাৰত জেৰাৰ নামত তেওঁক অত্যাচাৰ কৰা হৈছিল, সেই বিষয়ে কৈ গৈছিল লেইয়ে।কাৰাগাৰৰ অত্যন্ত কষ্টকৰ অভিজ্ঞতাৰ সন্দৰ্ভতো ব্যাখ্যা আগবঢ়াইছিল বৰ্ষীয়ান লেখক-সাহিত্যকজনে।

১৯৭৮ চনত প্ৰথম বাৰৰ বাবে নুই পু লেইক তেওঁৰ পিতৃ-মাতৃৰ সৈতে এবছৰৰ বাবে কাৰদণ্ড বিহা হৈছিল। ম্যানমাৰৰ নীপিড়িত সাধাৰণ জনতাৰ পক্ষত বক্তব্য ৰখাৰ বাবেই সামৰিক শাসকে তেওঁলোকক কাৰাগাৰলৈ নিক্ষেপ কৰিছিল।পৰৱৰ্তী সময়ত ১৯৯০ চনৰ ২৫ ডিচেম্বৰত সামৰিক চৰকাৰ বিৰোধী অবৈধ সংগঠনৰে সম্পর্ক ৰখাৰ অভিযোগ জাপি দি লেইক কাৰাৰুদ্ধ কৰা হৈছিল।সুদীৰ্ঘ ৯ বছৰ কাৰাগাৰত কটাই লেইয়ে ১৯৯৯ চনত মুক্তি লাভ কৰিছিল।লেইৰ ভাষ্য অনুযায়ীয়ে তেওঁক অন্য দহজন কাৰাবন্দী থকা সৰু কোঠাত কাৰাৰুদ্ধ কৰি ৰখা হৈছিল।সেই কোঠাটোত তেওঁলোকে অবৰ্ণনীও কদৰ্য পৰিৱেশত খোৱা-বোৱাৰ লগতে আনকি শৌচ-প্ৰস্ৰাৱো কৰিব লগা হৈছিল।লগতে জেৰাৰ সময়ৰ শাৰীৰিক-মানসিক অত্যাচাৰ আছিলেই।ম্যানমাৰৰ দুগৰাকী গণতান্ত্ৰিক সংগ্ৰামীৰ বক্তব্য শুনি...

কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পিছত লেইয়ে সাহিত্য চৰ্চাত মনোনিৱেশ কৰি দহখনতকৈ অধিক চুটিগল্পৰ গ্ৰন্থ,দুখন উপন্যাস,এখন ভ্ৰমণ কাহিনীৰ গ্ৰন্থ লিখি উলিয়াইছিল।২০১২ চনত তেওঁ নিজৰ সাহিত্য-কৰ্মৰ স্বীকৃতিস্বৰূপে Ka Lay Literature Award লাভ কৰিছিল।ইয়াৰ পূৰ্বে ২০১১ চনত তেওঁ ম্যানমাৰৰ National Press Award Committeeৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।
    গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত নুই পু লেই আৰু মা থিদাৰ বক্তব্য শুনিছিলো।এতিয়া আহোঁ মা থিদাৰ কথালৈ।সাহিত্য উৎসৱত মা থিদায়ো তেওঁৰ কাৰাৰুদ্ধ জীৱনৰ বিষয়ে কৈছিল।মাহেকীয়া আলোচনী আৰু সাপ্তাহিক কাকতৰ সম্পাদক হিচাপেও এসময়ত কাৰ্যনিৰ্বাহ কৰা মা থিদাক সামাজিক শান্তি-শৃংখলা ভংগ কৰা,অবৈধ সংগঠনৰে সম্পর্ক আৰু অবৈধ সাহিত্য প্ৰকাশ-বিতৰণৰ অভিযোগত ১৯৯৩ চনৰ অক্টোবৰত গ্ৰেপ্তাৰ কৰি ২০ বছৰৰ কাৰাদণ্ড বিহিছিল।থিদা শান্তিৰ নোবেল বঁটা বিজয়ী আং ছান ছ্যু কীৰ সমৰ্থক হোৱাটোও সামৰিক চৰকাৰৰ দৃষ্টিত অপৰাধ আছিল।অৱশ্যে বৰ্ধিত ৰাজনৈতিক হেঁচা,মানৱ অধিকাৰ সংগঠনসমূহৰ ব্যাপক প্ৰয়াস আৰু কাৰাগাৰতে যক্ষ্মা আক্ৰান্ত হৈ স্বাস্থ্য ভাগি পৰাত মা থিদাক ৬ বছৰ ৬মাহ ৬ দিন কাৰাবাসৰ পিছত সামৰিক চৰকাৰে মুক্তি দিছিল।মা থিদায়ো সাহিত্য উৎসৱ ৰ আলোচনা-চক্ৰত কাৰাগাৰত তেওঁ সন্মুখীন হোৱা শাৰীৰিক-মানসিক নিৰ্যাতন, যক্ষ্মাক্ৰান্ত হৈ মৃত্যুমুখলৈ আগবঢ়া ভয়াৱহ দিনবোৰৰ বর্ণনা কৰিছিল।


ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ-২০১৯ত ১০ ফেব্ৰুৱাৰীত নুই পু লেই আৰু মা থিদাৰ বক্তব্য আলোচনা-চক্ৰৰ শ্ৰোতাসকলৰ বাবে আকৰ্ষণীয় হোৱাৰ লগতে বেদনাদায়ক হিচাপেও চিহ্নিত হৈছিল।গণতন্ত্ৰ আৰু বাক স্বাধীনতা ৰক্ষাৰ বাবে অকাতৰে মৃত্যুৰ মুখামুখি হোৱা,অকথ্য যন্ত্ৰণা স্বীকাৰ কৰাৰ বাবেই শ্ৰদ্ধাত মূৰ দো খাই গৈছিল দুয়োগৰাকী ব্যক্তিৰ প্ৰতি।গণতন্ত্ৰ আৰু মুক্ত চিন্তা কেনেদৰে ৰাষ্ট্ৰ এখনৰ নাগৰিকৰ বাবে সদায় অগ্ৰাধিকাৰৰ বিষয়-তাৰ উপলব্ধি আনি দিছিল(গণতান্ত্ৰিক পৰিৱেশত সৰ্বক্ষণত বসবাস কৰি অহাৰ বাবে ভাৰতীয় নাগৰিকে বহুসময়ত গণতান্ত্ৰিক প্ৰমূল্যবোধক অতিকৈ সাধাৰণ বিষয় হিচাপে লয়,উচিত সন্মান প্ৰদান নকৰে)।
 

অৱশ্যে নুই পু লেইক এটা প্ৰশ্ন কৰোঁতে এটা ভিন্ন অভিজ্ঞতাও হ'ল।ম্যানমাৰৰ জ্বলন্ত ৰোহিংগীয়া সমস্যাৰ বিষয়ে এজন সাংবাদিক হিচাপে লেইক প্ৰশ্ন কৰিছিলোঁ-গণতন্ত্ৰ,মানৱ অধিকাৰ ৰক্ষাৰ বাবে আপুনি যন্ত্ৰণাকাতৰ কাৰাৰুদ্ধ জীৱন কটাইছিল।এতিয়া ৰোহিংগীয়াসকলেও অনেক যন্ত্ৰণাৰ সন্মুখীন হৈছে বুলি প্ৰকাশ পাইছে।বিশ্বই আপোনালোকৰ মহান নেত্ৰী ছ্যু কীলৈ দৃষ্টি নিক্ষেপ কৰি আছে।ৰোহিংগীয়া সমস্যা সন্দৰ্ভত আপোনাৰ অভিমত কি?আমাৰ প্ৰশ্নৰ যথোচিত উত্তৰ দিয়াৰ পৰা লেই বিৰত থাকিল।তেওঁ মাথোঁ ক'লে-এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন।উত্তৰত বিস্তাৰিত ব্যাখ্যা আগবঢ়াব লাগিব-এই আলোচনা-চক্ৰত সময়ৰ অভাৱ।মোৰ সকলো জাতি-ধৰ্মৰ লোকৰ প্ৰতি সন্মান আছে।লেইৰ উত্তৰত এনে লাগিল যেন চূড়ান্ত মানৱ অধিকাৰ খৰ্বৰ ৰোহিংগীয়া সমস্যাটোৰ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় মঞ্চত বা অন্য দেশৰ আলোচনা-চক্ৰত মন্তব্য আগবঢ়োৱাত তেওঁৰ ওপৰত যেন একপ্ৰকাৰৰ বাধ্যবাধকতা আছে।বৰ্তমানৰ ম্যানমাৰৰ গণতান্ত্ৰিক চৰকাৰৰ বিৰুদ্ধে গৈ তেওঁ যেন ৰোহিংগীয়া সমস্যাৰ বিষয়ে বক্তব্য প্ৰকাশ কৰিবলৈ নোৱাৰে।হয়তো লেইৰ লগতে দেশখনৰ অন্যান্য লেখক-বুদ্ধিজীৱীৰ ওপৰতো ৰোহিংগীয়া বিষয়ত নিৰপেক্ষ বক্তব্য প্ৰকাশত চৰকাৰৰ তৰফৰ পৰা নিষেধাজ্ঞা আছে।


২০১৫ চনৰ সাধাৰণ নিৰ্বাচনত ম্যানমাৰত আং ছান ছ্যু কীৰ 'নেছনেল লীগ ফ'ৰ ডেম'ক্ৰেচী' দলে বিজয় সাব্যস্ত কৰিছে।ইয়াৰ পিছৰ পৰা দেশখনত গণতান্ত্ৰিক প্ৰমূল্যবোধ শক্তিশালী হ'বলৈ ধৰিছে। ২০১০ চনত সাধাৰণ নিৰ্বাচন হৈছিল যদিও সেই নিৰ্বাচনত সামৰিক বাহিনীয়ে সমৰ্থন কৰা 'ইউনিয়ন ছলিডাৰিটী' দলে বিজয় সাব্যস্ত কৰি সামৰিক বাহিনীৰ পুতলা চৰকাৰ গঠন কৰিছিল।ছ্যু কীৰ দলক নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিল। ৰোহিংগীয়া সমস্যাৰ নিৰপেক্ষ আৰু যথোচিত উত্তৰ দিয়াৰ পৰা নুই পু লেইৰ দৰে বুদ্ধিজীৱী বিৰত থকাটো নিশ্চিতভাৱে আদৰণীয় নহয়।ই দেশখনৰ গণতান্ত্ৰিক চৰকাৰখনৰ কৰ্ম-প্ৰণালীৰ প্ৰতি আন্ত:ৰাষ্ট্ৰীয় মঞ্চত সন্দেহৰ ভাব সৃষ্টি কৰিবলৈ পাৰে।কিন্তু আমি এইটোক আদৰণীয় বুলি বিবেচনা কৰিব পাৰোঁ যে ম্যানমাৰত গণতান্ত্ৰিক মূল্যবোধ শক্তিশালী হোৱাৰ বাবেহে লুই পু লেই আৰু মা থিদাৰ দৰে লেখক-মানৱ অধিকাৰ কৰ্মীয়ে বিদেশলৈ আহি পূৰ্বৰ সামৰিক শাসনৰ অত্যাচাৰৰ বিষয়ে মুকলিকৈ ক'বলৈ পৰিছে। ম্যানমাৰত গণতন্ত্ৰ শক্তিশালী হোৱাটো সমগ্ৰ দক্ষিণ এছিয়াৰ বাবে শুভ বাৰ্তা।

Your Comments