বৃহত্তৰ নাৰী ঐক্য মঞ্চ অসমৰ সৌজন্যত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

health_care_DNA

বৃহত্তৰ নাৰী ঐক্য মঞ্চ অসমৰ সৌজন্যত আৰু ডিএনএ, গুৱাহাটীৰ সহযোগত জখলাবন্ধাস্থিত প্ৰতিমা চুপাৰ মাৰ্কেটত এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত অনুষ্ঠিত হয়। প্ৰায় এশগৰাকী লোকক এই শিবিৰত স্বাস্থ্য পৰীক্ষা কৰে। ইফালে ৰোগীৰ সুবিধাৰ কাৰণে প্ৰতিমা চুপাৰ মাৰ্কেটত স্থায়ীভাৱে এটি চিকিৎসা কেন্দ্ৰ স্থাপন কৰি বিশ্বৰ যিকোনো প্ৰান্তৰৰ বিশিষ্ট চিকিৎসকৰ পৰামৰ্শ অনলাইন যোগে ল'ব পাৰিব৷

যিকোনো ধৰণৰ উন্নত মানদণ্ডৰ স্বাস্থ্য পৰীক্ষা কম মূল্যত তাৎক্ষণিকভাৱে সেৱা গ্ৰহণ কৰিব পাৰিব, ৰোগীৰ খাদ্য সম্পৰ্কে জানিবলৈ খাদ্য পৰামৰ্শদাতাৰ পৰা পৰামৰ্শ ল’ব পাৰিব৷ লগতে ফিজিওথেৰাপিৰ সেৱাৰ ব্যৱস্থা কৰা হৈছে বুলি বৃহত্তৰ নাৰী ঐক্য মঞ্চ অসমৰ সম্পাদিকা উৎপলা বৰাই কয়। পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা বিনামুলীয়া শিবিৰত সমাজকৰ্মী তাৰিণীকান্ত বৰাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Your Comments