ইয়াত চুলি কাটিবলৈও লাগিব চৰকাৰ বাহাদুৰৰ অনুমতি!

north korea_

বিশ্বৰ এখন আজৱ দেশ উত্তৰ কোৰিয়া।উত্তৰ কোৰিয়াত নাগৰিকে নিজ ইচ্ছাত ৰাখিব বা কাটিব নোৱাৰে চুলি।উত্তৰ কোৰিয়াত যদি কোনো ব্যক্তিয়ে অপৰাধ কৰে, তেন্তে তাৰ শাস্তি তেওঁৰ অনাগত তিনিটা প্ৰজন্মই ভোগ কৰিব লাগিব।উত্তৰ কোৰিয়া সন্দৰ্ভত এটা আশ্চৰ্যজনক তথ্য হৈছে দেশখনৰ নাগৰিকে নিজ ইচ্ছাত নিজৰ ঘৰখনো ৰং কৰিব নোৱাৰে।

আনহাতে, ঘৰৰ দেৱালত দেশখনৰ শাসকসকলৰ ফটো আঁৰি থোৱাৰো এক বিশেষ আইন আছে।ইফালে,উত্তৰ কোৰিয়াত পৰ্ণ চিনেমা উপভোগ কৰিলে ফাঁচী পৰ্যন্ত  হ'ব পাৰে।

যদিহে আপুনি  উত্তৰ কোৰিয়া ভ্ৰমণৰ কথা ভাবিছে, তেন্তে আপোনাৰ মোবাইল ফোনটো ঘৰতে থৈ যাওক। কিয়নো উত্তৰ কোৰিয়াৰ বিমানবন্দৰতেই বিদেশী লোকৰ মোবাইলসমূহ আৰক্ষীয়ে লৈ লয়।

Your Comments