জয়পুৰত ৰবাৰ্ট ভদ্ৰাক ইডিৰ সোধ-পোচ

robert vedra with mother

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ভদ্ৰাক আজি পুনৰ ইডিয়ে সোধ-পোচ কৰিছে৷ মঙলবাৰে ৰাজস্থানৰ ৰাজধানী জয়পুৰত ভদ্ৰা ইডিৰ বিষয়াবৰ্গৰ প্ৰশ্নবানৰ সন্মুখীন হৈছে৷ উল্লেখ্য যে আজি ৰবাৰ্ট ভদ্ৰাৰ সৈতে তেওঁৰ মাতৃ মৌৰিন ভদ্ৰাকো ইডিয়ে সোধ-পোচ কৰিছে৷ ভদ্ৰা আৰু তেওঁৰ মাতৃক ১১গৰাকী বিষয়াই সোধ-পোচ কৰিছে৷ তেওঁলোকক ৫৫টা প্ৰশ্ন সোধা হ'ব বুলি তথ্য প্ৰকাশ পাইছে৷

Your Comments