দিল্লীৰ হোটেলৰ অগ্নিকাণ্ডত ১৭ জনৰ মৃত্যু

w

আজি পুৱা দিল্লীৰ এখন হোটেলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। মঙলবাৰে পুৱা কৰ'লবাগৰ হোটেল অৰ্পিত পেলেচত সংঘটিত অগ্নিকাণ্ডটোত এটা শিশুৰে সৈতে ১৭ জন লোকৰ মৃত্যু হয়।অধিকাংশ লোকৰ মৃত্যু হয় ঘন ধোঁৱাৰ মাজত উশাহ-নিশাহ ল'ব নোৱাৰি৷ হোটেলখনৰ দ্বিতীয় মহলাত জুইৰ সুত্ৰপাত হয় আৰু কম সময়ৰ ভিতৰতে তৃতীয় আৰু চতুৰ্থ মহলালৈ বিয়পি পৰে৷ অগ্নিনিৰ্বাপক বাহিনীয়ে বৰ্তমান জুই নুমুৱাইছে ৷ অগ্নিকাণ্ডৰ সময়ত হোটেলখনৰ আবাসীসকল নিদ্ৰামগ্ন হৈ থকাৰ বাবে হতাহতৰ সংখ্যা বৃদ্ধি পায়।শ্বৰ্ট চাৰ্কিটৰ বাবে হোটেলখনত জুই লাগে।

Your Comments