ৰাজস্থানৰ ৰাষ্ট্ৰীয় পেছাপাল্ল' প্ৰতিযোগিতালৈ অসম দল 

2

অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ ৰাজস্থানৰ পালীত ৰাষ্ট্ৰীয় পেছাপাল্ল' প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । প্ৰতিযোগিতাৰ ছিনিয়ৰ আৰু জুনিয়ৰ শাখাত  যোগদানৰ বাবে অসম দলটো কাইলৈ গুৱাহাটীৰ পৰা ব্ৰহ্মপুত্ৰ মেইলেৰে ৰাওনা হ'ব। ছিনিয়ৰ মিক্সড্, ল'ৰা আৰু ছোৱালীৰ জুনিয়ৰ শাখাত খেলসমূহ অনুষ্ঠিত হ'ব।

পঁচিশজনীয়া অসমৰ খেলুৱৈ দলটোৰ লগত প্ৰশিক্ষক আৰু পৰিচালক হিচাপে যাব ৰফিকুল ইছলাম আৰু শংকৰ ঠাকুৰ। উল্লেখ্য যে অসম দলটোৱে যোৱা বছৰৰ ডিচেম্বৰত মহাৰাষ্ট্ৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পেছাপাল্ল' প্ৰতিযোগিতাৰ জুনিয়ৰ মিক্সড্ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।
 

Your Comments