চৰকাৰৰ লেহেমীয়া ভূমিকাত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ অসন্তুষ্টি

ৌ

ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ লেহেমীয়া ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই। ৰাজ্যৰ চাহ উদ্যোগলৈ উল্লেখণীয় অৰিহনা আগবঢ়োৱা ক্ষুদ্ৰ চাহ খেতিয়ক সকলকলৰ সমস্যা তাৎক্ষনিক ভাৱে সমাধান কৰাৰ পৰিবৰ্তে চাহ খেতিয়কসকলক বিপদতহে পেলাইছে অসম চৰকাৰে।

চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাগিচাত কৰ্মৰত বনুৱাসকলৰ দৈনিক মজুৰি ২৪৪.৪৫ টকা নিৰ্ধাৰণ কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত চাহ খেতিয়কসকল ব্যাপক ক্ষতিৰ সন্মুখীণ হোৱাৰ আশংকা কৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই। সন্থাৰ কেন্দ্ৰীয় সভাপতি ৰাজেন বৰা আৰু সাধাৰণ সম্পাদক কৰুণা মহন্তই চৰকাৰৰ এই সিদ্ধান্তই ক্ষুদ্ৰ চাহ খেতিয়কসকলক শ’লঠেকত পেলাব বুলি মন্তব্য কৰে।

আনহাতে,  ক্ষুদ্ৰ চাহ খেতিয়কসকলক শীঘ্ৰে মাটিৰ পট্টা প্ৰদানৰ ব্যৱস্থা গ্ৰহণৰ লগতে চাহ পুলি ৰোপনৰ বাবে আবণ্টিত ৫ হাজাৰ টকীয়া আৰ্থিক সাহায্য সকলো জিলাতে শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী জনাই সন্থাই। অলপতে সন্থাৰ গুৱাহাটীস্থ অতিথিশালাত অনুষ্ঠিত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা বিস্তৃতভাৱে আলোচনা কৰি চৰকাৰলৈ সমস্যা সমাধানৰ আহ্বান জনায়।

উল্লেখ্য যে, অসম চাহ সঞ্চালকালয় আৰু উদ্যোগ বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ লগত হোৱা আলোচনা মৰ্মে চাহ খেতিয়কৰ বাবে নিৰ্ধাৰিত আৰ্থিক সাহায্য ফেব্ৰুৱাৰী মাহৰ ভিতৰত ৰাজ্যৰ সকলো জিলাতে প্ৰদান কৰিবলৈ দাবী জনায় ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই। আনহাতে,  ক্ষুদ্ৰ চাহ খেতিয়কৰ ৫ হাজাৰ টকীয়া সাহায্য আঁচনিখন চৰাইদেউ জিলাত ক্ষিপ্ৰতাৰে আগুৱাই নিবৰ বাবে সন্থাৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা চাৰিজন বিষয়ববীয়া ক্ৰমে জিতু গগৈ, ৰাজেশ দত্ত, উজ্জল বৰা আৰু দেৱাশীষ বৰুৱাক দায়িত্ব অৰ্পণ কৰা হৈছে। ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা পাতৰ মূল্য সন্দৰ্ভত মাণ্ডলিক ভিত্তিত ভাৰতীয় চাহ বোৰ্ডৰ লগত যৌথভাৱে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভাতে।

ইফালে, সন্থাৰ বিষয়ববীয়াসকলৰ সৈতে ভাৰতীয় চাহ বোৰ্ডৰ আলোচনা কালত সন্থাৰ সহযোগত তেজপুৰ বিশ্ববিদ্যালয়ত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এখন অভিবৰ্তন অনুষ্ঠিত কৰাৰ লগতে প্ৰতিটো মণ্ডলতে একোখন মাণ্ডলিক সভা অনুষ্ঠিত কৰিবৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

Your Comments