কলাইগাঁৱত বিধ্বস্ত বাঁহৰ দলঙেৰে বিপদসংকুল যাতায়াত

কলাইগাঁৱত বিধ্বস্ত বাঁহৰ দলঙেৰে বিপদসংকুল যাতায়াত

দৰং জিলাৰ কলাইগাঁও বিধানসভা সমষ্টিৰ অধীনস্থ ঔতোলা গাঁও পঞ্চায়তৰ অন্তৰ্গত নেওগপাৰা-পাৰিয়াপাৰা সংযোগী কুলশী নৈৰ ওপৰত যাতায়াতৰ বাবে নাই কোনো সুচল ব‍্যবস্থা। জৰাজীৰ্ণ এখন বাঁহৰ দলঙেৰে নিতৌ যাতায়াত কৰিবলগীয়াত পৰিছে বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণে।

মৰমী চ'কৰ পৰা কুলশী গেটলৈ যোৱা পথৰ দাঁতিতে থকা গুৰুত্বপূৰ্ণ দলংখন নিৰ্মাণৰ বাবে স্থানীয় কোনো এজন জনপ্ৰতিনিধিয়ে আজিলৈ কোনো গুৰুত্ব প্ৰদান নকৰাত ৰাইজ হতাশাত ভুগিছে। বছৰ বছৰ ধৰি বাঁহৰ দলঙেৰে যাতায়াত কৰিবলগীয়া হোৱাত অঞ্চলটোৰ ৰাইজ ত্ৰাহি মধুসুদন সুঁৱৰিছে।

বিদ্যালয়, মহাবিদ্যালয়লৈ যাবলগীয়া ছাত্ৰ-ছাত্ৰীসকলে বিধ্বস্ত দলংখনৰ বাবে যমৰ যাতনা ভুগিবলগীয়াত পৰিছে।জাতি, মাটি, ভেটিৰ শ্লোগান দিয়া পৰিবৰ্তনকামী বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনক শীঘ্ৰে ফলপ্ৰসূ ব্যবস্থা গ্ৰহণ কৰি দলংখন নিৰ্মাণ কৰাৰ বাবে দাবী জনাইছে। আনহাতে, স্থানীয় বিধায়ক মহেশ্বৰ বড়োক দলংখনৰ স্থায়ী সমাধানৰ বাবে দাবী জনাইছে অঞ্চলটোৰ ৰাইজে।

Your Comments