নগাঁও জিলাত কংগ্ৰেছৰ এন আৰ চি আইনী সাহায্য সমিতি গঠন

নগাঁও জিলাত কংগ্ৰেছৰ এন আৰ চি আইনী সাহায্য সমিতি গঠন

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ এদিন পিছতে নগাঁও জিলাৰ  বিভিন্ন অঞ্চলত এন আৰ চিৰ ওপৰত সজাগতা সভা অনুষ্ঠিত  কৰি  আইনী সাহায্য প্ৰদানৰ বাবে আগবাঢ়ি আহিছে নগাঁও জিলা কংগ্ৰেছ। মঙলবাৰে  প্ৰাক্তন মন্ত্ৰী গৌতম বৰাই  নগাঁৱৰ  বঢ়মপুৰ সমষ্টিৰ ৰাঙলুত আৰু ৰহা সমষ্টিৰ কচুৱাত অধিবক্তাক লগত লৈ সজাগতা সভা অনুষ্ঠিত কৰে। উক্ত সভাত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে  কয় যে কোনো লোকে যাতে শান্তি-সম্প্ৰীতিত ব্যাঘাত নজন্মাই আইনী প্ৰক্ৰিয়াৰে সমস্যা সমাধান কৰে।

উৰাবাতৰিৰ বশৱৰ্তী হৈ যাতে কোনো লোকে হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি নকৰে। যিসকলৰ নাম ভুলবশতঃ চূড়ান্ত খচৰাত  অহা নাই তেওঁলোকৰ বাবে প্ৰতিটো সমষ্টিৰ প্ৰতিটো ব্লক কংগ্ৰেছৰ অধীনত এখনকৈ অধিবক্তা সহিতে আইনী সাহায্য  প্ৰদান কমিটী গঠন কৰা হৈছে। যিসকল ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বে অহা ব্যক্তিৰ এন আৰ চিত নাম নাথাকিব  তেওঁলোকে পুনৰ নিৰীক্ষণৰ বাবে আবেদন কৰিবলৈ এই কমিটীয়ে সহায় কৰিব। উক্ত আইনী সাহায্য কমিটী একোজনকৈ অধিবক্তাৰ তত্ত্বাৱধানত থাকিব।

মন্ত্ৰীগৰাকীৰ মতে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বে যিসকল ব্যক্তি আহিছিল, তেওঁলোক যাতে এন আৰ চিত নামভৰ্তিৰ  পৰা বাদ পৰি যাব নোৱাৰে তাৰবাবে সকলো ধৰণে সহায় কৰা হ'ব। যিসকল ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত আহিছে, তেওঁলোক খচৰাৰ পৰা বাদ পৰিব লাগিবI এন আৰ চি সংক্ৰান্তত আইনী সাহায্য প্ৰদান কৰিবৰ বাবে আজি কামপুৰ কচুৱাত কঠীয়াতলি ব্লক কংগ্ৰেছ কমিটীৰ আহ্বানক্ৰমে ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগতে অহা বৈধ্ ভাৰতীয় লোকক এন আৰ চি সংক্ৰান্তত আইনী সাহায্য প্ৰদান কৰিবৰ বাবে  আইনী সাহায্য প্ৰদান কেন্দ্ৰ স্থাপন কৰে।

সভাত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, গুণেশ্বৰ দাস, দীপ দাসকে আদি কৰি  অধিবক্তা প্ৰদীপ হাজৰাও  উপস্থিত থাকে। সভাত ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগতে অহা বৈধ ভাৰতীয়  লোকৰ এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱা লোকক আইনী সাহায্য প্ৰদান সম্পৰ্কীয় বক্তব্য ৰাখে। 

Your Comments