নিৰ্বাচনমুখী বাজেটত কৃষকক সন্তুষ্ট কৰাৰ প্ৰয়াস গোৱেলৰ

নিৰ্বাচনমুখী বাজেটত কৃষকক সন্তুষ্ট কৰাৰ প্ৰয়াস গোৱেলৰ

আজি লোকসভাত বিত্তমন্ত্ৰী পীযূষ গোৱেলে অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিছে৷ লোকসভা নিৰ্বাচনলৈ মাজতে কিছুদিন থকাৰ সময়ত বাজেটখন নিৰ্বাচনমুখী হিচাপে চিহ্নিত হৈছে৷ বাজেটখনত দেশৰ কৃষক সমাজক সন্তুষ্ট কৰিবলৈ বিশেষ প্ৰয়াস কৰা দেখা গ'ল৷ বাজেটত মন্ত্ৰী গোৱেলে প্ৰধান মন্ত্ৰী কিষাণ সন্মান যোজনা আৰম্ভ কৰাৰ ঘোষণা কৰে৷ এই আঁচনিৰ অধীনত দেশৰ ১২ কোটি কৃষক পৰিয়াল উপকৃত হ'ব৷ ২ হেক্টৰতকৈ কম কৃষিভূমি থকা কৃষকসকলৰ বেংক একাউণ্টলৈ বছৰি ৬ হাজাৰ টকাকৈ প্ৰদান কৰাৰ বিষয়ে ঘোষণা কৰে গোৱেলে৷ আঁচনিখন ৭৫ হাজাৰ কোটি টকাৰ বুলি উল্লেখ কৰে৷ তদুপৰি, তেলেংগানাত ৰাজ্য চৰকাৰে কৃষকসকলক সাহায্য প্ৰদান কৰাৰ দৰে কেন্দ্ৰীয় চৰকাৰেও সহায় আগবঢ়াব বুলি মন্তব্য কৰে৷ এই আঁচনিয়ে দেশৰ কৃষিযোগ্য ভূমিৰ ৪৮ শতাংশ সামৰি ল'ব৷ ভাৰতৰ ৮৬ শতাংশ কৃষক আঁচনিখনৰ জৰিয়তে লাভৱান্বিত হ'ব৷ দেশৰ অসংগঠিত ক্ষেত্ৰৰ কৰ্মচাৰীসকলক নিশ্চিত মাহেকীয়া পেঞ্চন দিয়াৰ বিষয়েও উল্লেখ কৰে মন্ত্ৰী গোৱেলে৷

Your Comments