লোকসভাৰ নিৰ্বাচনৰ সময়তে একেলগে অনুষ্ঠিত হ'ব পাৰে ৮খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন। আগন্তুক লোকসভা নিৰ্বাচনৰ সময়তে অৰ্থাৎ এপ্ৰিল-মে' মাহত ওড়িশা,অন্ধ্ৰ প্ৰদেশ,অৰুণাচল প্ৰদেশ, চিকিমৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব বুলি এতিয়া চৰ্চা হৈছে।এই ৰাজ্যসমূহৰ বিধানসভাৰ ম্যাদ মে'-জুন মাহত অন্ত পৰাৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ নিৰ্বাচনৰ সময়তে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ গুণাগঁথা কৰিছে বিজেপিৰ কেন্দ্রীয় নেতৃত্বই।
এই ৰাজ্যসমূহৰ নিৰ্বাচনৰ সৈতে আন কেইখনমান ৰাজ্যৰো নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ে ভাবিছে বিজেপিৰ কেন্দ্রীয় নেতৃত্বই। বৰ্তমান বিজেপিৰ শাসন থকা ৰাজ্য মহাৰাষ্ট্ৰ, ঝাৰখণ্ড,হাৰিয়ানাৰ লগতে জম্মু-কাশ্মীৰত লোকসভা নিৰ্বাচনৰ সময়তে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰে বিজেপিয়ে।
নিয়মমতে মহাৰাষ্ট্ৰ,ঝাৰখণ্ড,হাৰিয়ানাৰ বিধানসভাৰ নিৰ্বাচন চলিত বছৰৰ শেষৰ ফালে হোৱাৰ কথা।এনেদৰে ৮খন ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত কৰি প্ৰধান মন্ত্ৰী মোডীৰ নিৰ্বাচনী সংস্কাৰৰ 'এক দেশ এক নিৰ্বাচন'নীতিৰো কাৰ্য-ৰূপায়ণ কৰিবলৈ বিচৰা হৈছে বুলি দেশৰ একাংশ সংবাদ মাধ্যমত চৰ্চা চলিছে।
- Log in to post comments
- 164 views