ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অভিভাষণত 'চিএবি' গৃহীতৰ নিশ্চয়তা

ৌ

আজিৰে পৰা আৰম্ভ হোৱা সংসদৰ বাজেট অধিৱেশনতে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ (চিএবি) বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিব বুলি ব্যাপক চৰ্চা চলিছে৷ আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অভিভাষণতে এই চৰ্চাৰ সত্যতাৰ প্ৰমাণ অথবা বিধেয়কখন গৃহীত হোৱাৰ নিশ্চয়তা পোৱা গ'ল৷

ৰাষ্ট্ৰপতি কোবিন্দে তেওঁৰ ভাষণত বিধেয়কখন গৃহীত হোৱাৰ একপ্ৰকাৰ নিশ্চয়তা প্ৰদান কৰিলে৷ ৰাষ্ট্ৰপতিৰ অভিভাষণত উল্লেখ কৰে যে নাগৰিকত্ব সংশোধনী বিধেয়কে পৰিস্থিতৰ বলি হৈ ভাৰতত আশ্ৰয় গ্ৰহণ কৰা লোকসকলক নাগৰিকত্ব প্ৰদানত সহায় কৰিব৷ ন্যায়ৰ পৰা বঞ্চিত লোকসকলক এই বিধেয়কখনে সহায় আগবঢ়াব৷ উল্লেখ্য যে যোৱা ৮ জানুৱাৰীত লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হৈছে৷

Your Comments