কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ উদ্‌যাপনৰ শুভাৰম্ভ

ৌ

১৯৬৯ চনত প্ৰতিষ্ঠা হোৱা  কলিয়াবৰ মহাবিদ্যালয়ে ইতিমধ্যে ৫০ টা বছৰ অতিক্ৰম কৰিলে। কলিয়াবৰৰ শৈক্ষিক দিশত এক বিশেষ ভূমিকা পালন কৰি অহা মহাবিদ্যালয়খনে অঞ্চলটোৰ লগতে সমগ্ৰ ৰাজ্যখনৰে শৈক্ষিক ক্ষেত্ৰখনলৈ গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই আহিছে । আজি মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী উৎসৱৰ বছৰজোৰা কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানৰ ৫০ খন পতাকা উত্তোলনৰে শুভাৰম্ভ কৰে।

সোণালী জয়ন্তীৰ মূল পতাকা উত্তোলন কৰে উদ্‌যাপন সমিতিৰ সভাপতি কেশৱ মহন্তই। মহাবিদ্যালয়ৰ অধ্যক্ষ হিৰণ্য কুমাৰ চলিহা, মহকুমাধিপতি বিতোপন নেওগ, প্ৰাক্তন উদ্যোগ মন্ত্ৰী গুণীন হাজৰিকা, মহাবিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক-কৰ্মচাৰী আৰু কলিয়াবৰৰ বিশিষ্ট ব্যক্তিসকলে এনচিচিৰ মাৰ্চপাষ্টৰ অভিবাদন গ্ৰহণ কৰে। লগতে সোণালী জয়ন্তী উৎসৱৰ ৫০খন পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে ছহিদ তৰ্পণ কৰে মুখ্য তৰ্পক, মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰভাত গোস্বামীয়ে।

স্মৃতি তৰ্পণ কৰে পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি পহল থাপাই।এই অনুষ্ঠানতে শিক্ষক গোটৰ বৰঙণিৰে নিৰ্মাণ হ'বলগা তোৰণৰ শিলান্যাসৰ কাৰ্যসূচী সম্পন্ন কৰে । অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা মুকলি সভাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নলবাৰীৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড: দীপক কুমাৰ শৰ্মাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন উদ্যোগ মন্ত্ৰী গুণীন হাজৰিকা, উত্তৰ-পূব জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ সঞ্চালক ডঃপংকজ বৰুৱা, মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ নৰেন্দ্ৰ নাথ হাজৰিকা।

মুকলি সভাখনত সভাপতিত্ব কৰে উদ্‌যাপন সমিতিৰ সভাপতি কেশৱ মহন্তই। সন্ধিয়ালৈ ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰকৰ ৰবীন বৰৰ অনুষ্ঠানৰ  উদ্বোধন কৰিব কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগে।

Your Comments