ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অভিভাষণেৰে আৰম্ভ হয় সংসদৰ বাজেট অধিৱেশন৷ ৰাষ্ট্ৰপতি কোবিন্দে তেওঁৰ ভাষণত মোডী চৰকাৰৰ ৫ বছৰৰ সফলতাসমূহৰ বিষয়ে উল্লেখ কৰে৷ ৰাষ্ট্ৰপতিয়ে তেওঁৰ ভাষণ কয় যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত অনিশ্চিয়তাৰ পৰিৱেশ আছিল৷
ইয়াৰ বিপৰীতে মোডী চৰকাৰৰ কাৰ্যকালত এখন নতুন ভাৰত নিৰ্মাণ কৰাৰ সংকল্প গ্ৰহণ কৰা হৈছে৷ যি ভাৰতত ব্যৱস্থাসমূহ আধৰুৱা হিচাপে নাথাকিব৷ ৰাষ্ট্ৰপতি কোবিন্দে ভাষণ প্ৰসংগত মোডী চৰকাৰৰ কাৰ্যকালত উজ্জ্বলা যোজনাৰ অধীনত ৬ কোটি ৰন্ধন গেচৰ সংযোগ প্ৰদান, আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে ৪ মাহত ১০ লাখ লোকে চিকিৎসা সেৱা লাভ কৰা, বিগত সময়ছোৱাত ৯ কোটিতকৈ অধিক শৌচালয় নিৰ্মাণ কৰা, বিগত চাৰে চাৰি বছৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অন্তৰ্গত ১ কোটি ৩০ লাখ বাসগৃহ নিৰ্মাণ কৰা আদি সফলতাসমূহৰ বিষয়ে উল্লেখ কৰে৷
- Log in to post comments
- 19 views