ব্ৰাজিলত বান্ধ ভাগি জলপ্ৰলয় : স্পষ্ট হ'ল বান্ধৰ বিপদজনক দিশ

w

ব্ৰাজিলত যোৱা শুকুৰবাৰে এটা খনিৰ সমীপৰ বান্ধ ভগাৰ ফলত সৃষ্টি হোৱা জলপ্ৰলয়ত ৫৮ জন লোকৰ মৃত্যু হৈছিল । সন্ধানহীন হৈ থকা প্ৰায় ৩০০ জন লোকক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে সম্প্ৰতি অভিযান চলাই আছে। এইখিনিতে উল্লেখ্য যে উক্ত জলপ্ৰলয়ৰ পিছতে আন এটা বান্ধ ভগাৰ শংকা উৎপন্ন হৈছিল।যাৰ বাবে মাজতে উদ্ধাৰ অভিযান স্থগিত কৰিব লগা হৈছিল।দৰাচলতে ব্ৰাজিলৰ দক্ষিণ-পূবত থকা কৰেগ' দ্য ফেইযাঅ' খনিৰ সমীপৰ এটা বান্ধত বিপদজনকভাৱে বিপুল পৰিমাণৰ পানী জমা হৈছিল।

বান্ধটোত ৮০০ কিউবিক গেলেন পানী জমা হোৱাৰ পিছত বান্ধ ভগাৰ শংকাত কাষৰীয়া এলেকাৰ জনতাক নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰা হৈছিল।লগতে জলপ্ৰলয়ৰ উদ্ধাৰ অভিযান বন্ধ কৰি দিয়া হৈছিল।অৱশ্যে পিছলৈ বান্ধটোৰ বৰ্ধিত অতিৰিক্ত পানীভাগ অন্য স্থানলৈ বোৱাই নিয়াটো সম্ভৱপৰ হোৱাত নতুন এটা বিপৰ্যয় ৰোধ কৰিব পৰা গ'ল।ইয়াৰ পিছতেই জলপ্ৰলয়ৰ উদ্ধাৰ অভিযান পুনৰ আৰম্ভ কৰা হ'ল।

সম্প্ৰতি যুদ্ধকালীন তীব্ৰতাৰে উদ্ধাৰ অভিযান চলাই থকা হৈছে।অৱশ্যে জলপ্ৰলয় আক্ৰান্ত এলেকাত প্ৰচুৰ পৰিমাণৰ বোকা জমা হোৱাত উদ্ধাৰকাৰীসকল অসুবিধাৰ সন্মুখীন হৈছে।হেলিকপ্টাৰৰ সহায়ত জীৱিত লোকৰ সন্ধান চলাই থকা হৈছে।
ব্ৰাজিলৰ জলপ্ৰলয়ে বান্ধৰ বিপদজনক দিশটোক পুনৰ স্পষ্ট কৰিলে।

সোৱণশিৰি নৈৰ বান্ধ আৰু অৰুণাচল প্ৰদেশত নিৰ্মিয়মান বান্ধসমূহে কেনে দুৰ্যোগ সৃষ্টি কৰিবলৈ পাৰে,সেয়া পুনৰ স্পষ্ট হ'ল।এনে প্ৰেক্ষাপটত উত্তৰ-পূব তথা অসমবাসীয়ে বৃহৎ বান্ধ বিৰোধী আন্দোলন অধিক তীব্রতৰ কৰাৰ বিকল্প নাই।ক্ষতিকাৰক বৃহৎ বান্ধসমূহৰ নিৰ্মাণ বন্ধ কৰিবলৈ বান্ধ নিৰ্মাতাসকলক বাধ্য কৰাব লাগিব উত্তৰ-পূববাসীয়ে।

Your Comments