কেনেকুৱা হ'ব দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেড : কিছু তথ্য

s

কাইলৈ গণৰাজ্য দিৱস। ১৯৫০ চনত ভাৰতৰ সংবিধান বলবৎ হোৱাৰ দিন ২৬ জানুৱাৰীত প্ৰতি বছৰে পালন কৰা হয় গণৰাজ্য দিৱস।গণৰাজ্য দিৱস উদযাপনৰ মুখ্য আকৰ্ষণ ৰাজধানী চহৰ দিল্লীৰ 'গণৰাজ্য দিৱসৰ পেৰেড'।এই পেৰেডত দেশৰ সামৰিক শক্তি, বৈজ্ঞানিক প্ৰগতি, প্ৰতিখন ৰাজ্যৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰা হয়।ৰাজধানী দিল্লীৰ জনসাধাৰণৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ জনতাইও অপেক্ষা কৰি থাকে প্ৰতি বছৰৰ গণৰাজ্য দিৱসৰ এই অনুপম জাতিষ্কাৰ পেৰেডলৈ।এই পেৰেডৰ খুঁটি-নাটি জানিবলৈ দেশৰ নাগৰিকসকলৰ স্বাভাৱিকতে জিজ্ঞাসা থাকে।এইখিনিতে ২০১৯ বৰ্ষৰ দিল্লীৰ পেৰেডৰ কিছু গুৰুত্বপূৰ্ণ তথ্য উল্লেখ কৰিবলৈ বিচৰা হৈছে।
  
#২০১৯ বৰ্ষৰ গণৰাজ্য দিৱস এই বাবেই বিশেষ যে জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্ম জয়ন্তীত এইবাৰৰ দিৱস।
   
#ৰাষ্ট্ৰপতি ভৱনৰ সমীপৰ ৰাইছিনা হীলছৰ সমীপৰ পৰা ৰাজপথেৰে আৰম্ভ হৈ ইণ্ডিয়া গেট অতিক্ৰম কৰি লালকিল্লাৰ ওচৰলৈ চলিব পেৰেড।

w    
#প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'অমৰ জোৱান জ্যোতি'ত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰাৰ পিছত ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে গণৰাজ্য দিৱস উদযাপনস্থলীৰ মূল মঞ্চত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। পুৱা ৯-৩০ বজাৰ পৰা আৰম্ভ হ'ব  গণৰাজ্য দিৱসৰ পেৰেড।
   
#২০১৯ বৰ্ষৰ পেৰেডৰ এটা প্ৰধান আকৰ্ষণ হ'ব স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাই আৰ্মি ছাৰ্ভিছ কৰ্পছৰ ১৪৪ গৰাকী পুৰুষ জোৱানৰ মাৰ্চপাষ্টৰ নেতৃত্ব প্ৰদান কৰাটো।
 
#চলিত বৰ্ষৰ পেৰেডৰ আন এটা বিশেষত্ব হ'ব যে ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতৰ সবাতোকৈ পুৰণি অৰ্ধ সামৰিক বাহিনী 'আছাম ৰাইফলছ'ৰ এটা সৰ্বমহিলা গোটে মাৰ্চপাষ্টত অংশগ্ৰহণ কৰিব। উল্লেখ্য যে ১৮৩৫ চনত 'কাছাৰ লেভি' নামেৰে বৃটিছ প্ৰশাসনে আছাম ৰাইফলছৰ প্ৰতিষ্ঠা কৰিছিল।
 
#মটৰ চাইকেলত দু:সাহসিক কৌশল প্ৰদৰ্শন কৰা প্ৰখ্যাত 'ডেয়াৰ ডেভিলছ' গোটে  এইবাৰ এগৰাকী মহিলাক গোটত অন্তৰ্ভুক্ত কৰাটো চলিত বৰ্ষৰ পেৰেডৰ আন এটা বিশেষত্ব হ'ব।

o

#২০১৯ বৰ্ষৰ পেৰেডত সামৰিক বাহিনীৰ শক্তি প্ৰদৰ্শনৰ এটা গুৰুত্বপূৰ্ণ দিশ হ'ব 'এম৭৭৭ হাৱিটঝাৰ' আৰু 'কে৯ বজ্ৰ' অত্যাধুনিক 'ছেল্ফ প্রপেলড গান'ৰ প্ৰদৰ্শন।ভাৰতীয় সেনাত শেহতীয়াকৈ অস্ত্ৰ দুবিধক সংযুক্ত কৰা হৈছে।তদুপৰি পূৰ্বৰ বছৰবোৰৰ দৰে এইবাৰৰ পেৰেডৰো অন্যতম আকৰ্ষণ হ'ব ছু-৩০,মিগ-২৯,জাগুৱাৰ যুঁজাৰু বিমান আৰু টি-৯০ টেংকৰ প্ৰদৰ্শন।
#২০১৯ বৰ্ষৰ পেৰেডৰ 'ফ্লাই পাষ্ট'ত বায়ু সেনাৰ ১০ শতাংশ ব্লেণ্ডেড জৈৱ ইন্ধনৰ দ্বাৰা চালিত এখন উৰাজাহাজে অংশগ্ৰহণ কৰিব।
#চলিত বৰ্ষৰ পেৰেডত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিব 'আজাদ হিন্দ ফৌজ'ৰ ৪ গৰাকী ৯০ উৰ্ধৰ সৈনিক।

#২০১৯ বৰ্ষত দিল্লীৰ কেন্দ্ৰীয় গণৰাজ্য দিৱস উদযাপনত মুখ্য অতিথি হ'ব দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফ'ছা।

Your Comments