সোমবাৰে ছিকিমৰ মুখ্য মন্ত্ৰী পৱন চামলিঙে ৱেষ্ট ছিকিমৰ ডেনটামত প্ৰথম নৰ্থ-ইষ্ট য়ুথ ফেষ্টিভেল-২০১৯ উদ্বোধন কৰে। এই তিনিদিনীয়া যুৱ মহোৎসৱৰ আয়োজন কৰিছে ছিকিম চৰকাৰৰ ষ্টেট য়ুথ ডেভেলপমেণ্ট বোৰ্ডে। এই যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিছে অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা আৰু আয়োজক ছিকিমে। উল্লেখ্য যে এই যুৱ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত ছিকিমৰ মুখ্য মন্ত্ৰীগৰাকীয়ে "sikkim state youth policy book" আৰু "Tales of transformation: A compilation of article by HCMMSS recipients" নামৰ গ্ৰন্থ দুখন উন্মোচন কৰে।
অনুষ্ঠানত ছিকিমৰ মুখ্য মন্ত্ৰীজনে নিজৰ ভাষণ প্ৰসংগত কয় যে যুৱ সমাজক বৰ্তমানৰ প্ৰযুক্তি বিষয়ত সদায় নতুনকৈ সাজু হৈ থাকি সাম্প্ৰতিক সময়ে প্ৰদান কৰা হিত আৰু সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ আৰু উল্লেখ কৰে যে এনেধৰণৰ অনুষ্ঠানে উত্তৰ-পূবৰ যুৱ সমাজৰ মাজত সমন্বয় আৰু ভাতৃত্ববোধ সুদৃঢ় কৰিব। যুৱ সমাজে যাতে জীৱনৰ দৌৰত কঠোৰ পৰিশ্ৰম কৰি যাব পাৰে তাৰবাবে মুখ্য মন্ত্ৰীজনে আশা নেহেৰুৱাবলৈ আৰু ভাতৃত্ববোধক সুদৃঢ় কৰিবলৈ আহ্বান জনায়।
- Log in to post comments
- 9 views