দেশত বনানিকৰণ তথা বৃক্ষৰোপণ ব্যৱস্থাৰে বনাঞ্চলৰ ক্ষেত্ৰ বৃদ্ধিৰ বাবে তথা উক্ত আঁচনিসমূহক উৎসাহিত কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগে বিভিন্ন সময়ত ৰাজ্য চৰকাৰসমূহলৈ কোটি কোটি টকা মোকলাই দি আহিছে যদিও এইক্ষেত্ৰত ৰাজ্যখনৰ বিশেষকৈ নগাঁও জিলাখনৰ বনাঞ্চলসমূহৰ প্ৰায়খিনি বেদখল তথা চোৰাং ব্যৱসায়ীৰ বন ধ্বংসযজ্ঞৰ ফলত সঙ্কুচিত
হোৱা বিষয়টোৱে কাৰ্যতঃ উক্ত আঁচনিসমূহ বুমেৰাঙত পৰিণত কৰিছে।
অৱশ্যে ৰাজ্যৰ বন বিভাগটোৱে বনানিকৰণ তথা বৃক্ষৰোপণৰ নামত বিভিন্ন উন্নয়ন খণ্ড তথা বিভাগৰ জৰিয়তে প্ৰচেষ্টা হাতত লৈছে।নগাঁও জিলাখনৰ একাংশ বন বিষয়া-বনকৰ্মী তথা ৰাইজৰ প্ৰতিনিধিৰ সেৱাৰ মনোভাবৰ অভাৱৰ বাবেই চৰকাৰে লোৱা বিভিন্ন কল্যাণকামী আঁচনিসমূহ যে ব্যৰ্থতাত পৰিণত হৈছে ই পৰিষ্কাৰ হৈ পৰিছে। উল্লেখ্য যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনিৰ লগতে সামাজিক বনানিকৰণৰ জৰিয়তেও 'সেউজী ধৰা আঁচনি'ৰ অধীনত বৃক্ষৰোপণৰ ব্যৱস্থা নগাঁও জিলাখনত লোৱা হৈছিল যদিও এইবোৰ আঁচনিৰ পৰা কোনো ফল নধৰাৰ অভিযোগ উঠিছে।
নগাঁও জিলাৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত কঠীয়াতলী আৰু কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত বামুণী সংৰক্ষিত বনাঞ্চল, কন্দলী সংৰক্ষিত বনাঞ্চল, বৰপানী বনাঞ্চলকে ধৰি বৃহৎ বনাঞ্চলসমূহ দিনক দিনে সাংঘাতিক ধৰণে সঙ্কুচিত হোৱা পৰিলক্ষিত হৈছে। এই বনাঞ্চলসমূহ যথোপযুক্ত সংৰক্ষণৰ অভাৱত চোৰাং ব্যৱসায়ী তথা বেদখলকাৰীৰ কবলত পৰি নিঃশেষ হোৱাৰ পথত আগবাঢ়িছে। এই বনাঞ্চলসমূহত চোৰাং ব্যৱসায়ীসকলৰ অবাধ লুণ্ঠন আৰু বেদখলকাৰীৰ দৌৰাত্ম্যত বৃহৎ বৃহৎ বনাঞ্চলসমূহৰ অস্তিত্ব সংকটাপন্ন হৈ পৰিছে।
দীৰ্ঘদিন ধৰি চোৰাং ব্যৱসায়ীসকলে এনে দুষ্কাৰ্য চলাই আহিছে যদিও উপযুক্ত পদক্ষেপ নোলোৱাৰ বাবেই অনায়াসে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ চোৰাং ব্যৱসায়ীৰ দলে বনাঞ্চলত উপদ্ৰৱ চলাই থকাটো তেনেই স্বাভাৱিক ঘটনাত পৰিণত হৈছে। অতি পৰিতাপৰ বিষয় যে বনাঞ্চলসমূহত বেদখলকাৰীৰ হাতোৰাত জিলাখনত থকা এই বনাঞ্চলসমূহ সঙ্কুচিত তথা গছ-গছনি নোহোৱা হৈ উদং হোৱাৰ ফলত খাদ্যৰ অভাৱত পৰি সঘনাই হাতীৰ জাক জনাঞ্চললৈ অহাত হাতী-মানুহৰ সংঘাতৰ সৃষ্টি হৈ আহিছে আৰু ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতিসাধন কৰি অহাত ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
আনকি হাতী-মানুহৰ সংঘাতৰ ফলত বহুকেইজন লোকে প্ৰাণ হেৰুৱাৰ উদাহৰণো আছে। মন কৰিবলগীয়া যে প্ৰকৃতি তথা বনাঞ্চলসমূহৰ পৰা বন্যপ্ৰাণীসমূহৰ ক্ৰমাৎ বিলুপ্তি ঘটাত প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰতো জটিলতা আহি পৰিছে। তেনে ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই জিলাখনৰ সংকটাপন্ন বনাঞ্চলসমূহ ৰক্ষা কৰিবলৈ বেদখল উচ্ছেদ কৰাৰ লগতে চোৰাং চিকাৰী তথা চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলেহে নিঃশেষ হ'বলৈ ধৰা বনাঞ্চলসমূহ ৰক্ষা পৰিব বুলি মত প্ৰকাশ কৰিছে নগাঁৱৰ প্ৰকৃতিপ্ৰেমী ৰাইজৰ লগতে প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে।
- Log in to post comments
- 12 views